![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
“পথাৰ আমাৰ বজাৰ আমাৰ” শীৰ্ষক কাৰ্যসূচীৰ বাস্তৱায়িত কৰা বাবে ৰাজ্য চৰকাৰৰ কাষ চপা নৱপ্ৰজন্মৰ হাটথ শিল্পী জুবিন গাৰ্গক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক চৰ্চা চলি থকা মাজতে এইবাৰ মুখ খুলিছে ৰাজ্যসভা সাংসদ অজিত কুমাৰ ভূঞাই।
বৰপেটাত সাংসদ গৰাকীয়ে জুবিনৰ কামক আমি ভাল পোৱা নাই বুলি উল্লেখ কৰি কয়-“সামাজিক দায়বদ্ধতা থকা শিল্পী নহয় জুবিন গাৰ্গ।প্ৰতিভা আছে জনপ্ৰিয় শিল্পী।কিন্তু এটা সামাজিক কামত লাগি থাকিব কাৰণে জাতিৰ স্বাৰ্থত অত্যাচাৰী গণবিৰোধী চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ এজন শিল্পী বা মানুহৰ আদৰ্শগত স্থিতি লাগিব।
আদৰ্শগত ভাৱে যদি শক্তিশালি হৈ নিজৰ আদৰ্শত থাকিব নোৱাৰে সমাজৰ প্ৰতি দায়বদ্ধ নহয় তেতিয়া তেওঁ কেতিয়াও সমাজক সহায় কৰিব নোৱাৰে।ব্যক্তিগত স্বাৰ্থত সদায় ৰজা ঘৰৰ ফালে গতি কৰিব লাগিব”।
জুবিন গাৰ্গৰ দৰে এজন শিল্পীয়ে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা অৰ্থ একো মই বিচাৰি পোৱা নাই।কি কাৰণে মন্ত্ৰী দুৱাৰে দুৱাৰে যাব লাগে মন্ত্ৰীহে তেওঁ ওচৰলৈ আহিব লাগে-সাংসদ ভূঞাই কয়।
ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে কয় -অলপ দিনৰ পিছত জুবিন গাৰ্গৰ ভূমিকা নিৰ্ণয় হ’ব”।













