![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস ৰাজ্য চৰকাৰে গুৱাহাটীৰ জৰ্জ খেল পথাৰত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰিব।কামৰূপ(ম) জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন ক কৰিবলৈ লোৱা স্বাধীনতাৰ দিৱসৰ প্ৰস্তুতিৰ পূৰ্ণ পৰ্যায়ত চলি আছে।
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় পূৰ্ব বছৰ সমূহৰ দৰে এইবাৰ স্বাধীনতা দিৱস অনুষ্ঠিত নহয়।ক’ৰোনা ভাইৰাছৰ বাবে পূৰ্বৰ তুলনাত কঠোৰ নিয়মৰ মাজেৰে উদযাপন হ’ব স্বাধীনতা দিৱস।
আয়োজন পূৰ্ব বছৰ সমূহৰ দৰে চলিছে কিন্তু এক তৃতীয়াংশলোক অংশগ্ৰহণ কৰিব কাৰ্যসূচীত।
ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ নকৰে এইবাৰ স্বাধীনতা দিৱসত।বাতিল কৰা হৈছে সকলো সাংস্কৃতিক অনুষ্ঠান বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয়- পুলিচ, পেৰামিলেটেৰী ফৰ্চ, হোম গাৰ্ড পেৰেডত অংশগ্ৰহণ কৰিব।
ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে এইবাৰ প্ৰদান নকৰে কোনো ধৰণৰ বঁটা।
স্বাধীনতা দিৱসত সামাজিক দূৰত্ব সকলোৱে মানি চলিব।লগতে যি সকলে তাত অংশগ্ৰহণ কৰিব তেওঁলোকে আগতীয়াকৈ ক’ৰনা টেষ্ট কৰিব লাগিব।পেৰেডত অংশগ্ৰহণ কাৰী সকলে ইতিমধ্যে এন্টিজেন টেষ্ট সম্পুন্ন কৰিছে- পেগুৱে কয়।
সকলোৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী চাবলৈ আহিব পাৰিব।মূলমণ্ডপত ১২০০-১৫০০ আসনৰ ব্যৱস্থা কৰা বুলি উপায়ুক্ত গৰাকীয়ে কয়।
আনহাতে নিৰাপত্তা দিশটোত অধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি পেগুৱে কয় চিচিটিভিকে আদি কৰি অন্যান্য সকলো ব্যৱস্থা কৰি থকা হৈছে।
নিৰাপত্তা দিশটোক লৈ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয়-আৰক্ষীয়ে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া কৰিছে গুৱাহাটী নিৰাপত্তা ব্যৱস্থা।জৰ্জ খেল পথাৰত ২৪ ঘণ্টা আৰক্ষী নিয়োগ কৰা হৈছে।গুৱাহাটীলৈ প্ৰৱেশ কৰা সকলো পথত তালচী ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে।
আন্তঃজিলা যাতায়ত ক’ভিড-১৯ বাবে যিহেতু বন্ধ আছে।গতিকে সোমবাৰ আৰু মঙলবাৰে কোনো মানুহ গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰিব-গুপ্তাই লগতে কয়।













