![]()
নগাঁও : নগাঁও জিলাত আজিৰ দিনটোত ২১৯ গৰাকী লোক ক’ভিড-১৯ পজিটিভ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াকে লৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩৫৭৩ জনলৈ বৃদ্ধি পালে।
আজি জিলা খনৰ বিভিন্ন প্ৰান্তৰ ১৮টা কেন্দ্ৰত ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে ২৩জনক আৰু আৰ টি পি চি আৰ টেষ্টৰ জৰিয়তে ১৯৬ জন লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পেলোৱা হয়।













