![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
গোটেই অসমত ক’ৰোনাৰ আতংক চলি থকাৰ সময়তে এইবাৰ জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু অন্য কেইবাগৰাকী আৰক্ষীৰ দেহত কভিড- ১৯ ৰ অৱস্থিতি ধৰা পৰাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মীত জাগীৰোড থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰাৰ কথা আছিল। কিন্তু মঙ্গলবাৰে সন্ধিয়া ভাগত জাগীৰোড থানাত কৰ্মৰত দুজন আৰক্ষী বিষয়াৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত আজি অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ অনুষ্ঠান বাতিল হয়।
পৰবৰ্তী পৰ্য্যায়ত স্বাস্থ্যবিভাগৰ লোকে আজি জাগীৰোড থানাৰ মুঠ ৪৭ জন লোকৰ ৰেপিড এন্টিজেন পৰীক্ষা কৰাৰ পিচত তাৰে পুনৰ ১১ জন আৰক্ষীৰ দেহত কভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে। ইয়াকে লৈ এতিয়া জাগীৰোড আৰক্ষী থানাৰ কভিড আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি হয়।













