![]()
জিতেন বৰকটকী:
নগাঁও : নগাঁও চহৰৰ পৰিণীতা বৰা নামৰ যুৱতী গৰাকীৰ মৃতদেহ কালি বাংগালুৰুত তেওঁ বাস কৰা ভাড়াঘৰৰ কোঠাত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইপিনে পৰিণীতা বৰাৰ মৃত্যুৰ ন ন ৰহস্য পোহৰলৈ আনিছে কৰ্ণাটক আৰক্ষীয়ে।
শেহতীয়া ভাৱে পৰিণীতাৰ মৃত্যুৰ বাতৰিয়ে কৰ্ণাটকৰ সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰে। আনহাতে পৰিণীতাৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নগাঁৱৰ বিশাল ভূঞাঁ নামৰ এজন যুৱক ।
জানিব পৰা মতে, বিশালৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল পৰিণীতাৰ। সেই সূত্ৰেই বাংগালোৰত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। পৰিণীতাই ২০১৯ বৰ্ষত জন্ম দিছিল এটি কন্যা সন্তান। বিশাল আৰু পৰিণীতা দুয়ো এয়াৰ এছিয়াৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। দুয়ো অতি উচ্চনিৰিখত দৰমহা লাভ কৰিছিল আৰু বাংগালুৰুত সুন্দৰ ভাৱে জীৱন-যাপন কৰিছিল।
কিন্তু লকডাউনৰ ফলশ্ৰুতিত বিশাল আৰু পৰিণীতা দুয়োৱে কৰ্মসংস্থাপন হেৰুৱাব লগাত পৰে। পৰিণতিত দুয়ো উপাৰ্জনহীন হৈ পৰে। ইয়াৰ পিছতে দুয়োৰে মাজত পাৰিবাৰিক অশান্তিয়ে দেখা দিয়ে। এনে পৰিস্থিতিৰ মাজতে কালি হঠাৎ বাংগালুৰুৰ ভাড়াঘৰত চিপজৰী লোৱা অৱস্থাত পৰিণীতাৰ মৃতদেহ উদ্ধাৰ হয়।
পৰিণীতাই আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ কৰা হয়। ইয়াৰ পিছতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিশাল ভূঞাঁৰ নাম। কৰ্ণাটক আৰক্ষীৰ মতে সংস্থাপনহীন হৈ আৰ্থিক দুৰৱস্থাত ভোগাৰ বাবেই হয়তো পৰিণীতাই আত্মহত্যাৰ পথ বাচি ল’লে।
কিন্তু এবছৰীয়া সন্তানক এৰি পৰিণীতাই কিয় মৃত্যুক সাৱতি ল’লে সেয়াও আৰক্ষীৰ বাবে ৰহস্যজনক বিষয় হৈ পৰিছে । ইতিমধ্যে নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বাংগালুৰুৰ আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব বিচৰা নাই বিশাল ভূঞাঁৰ পৰিয়ালে।













