![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱত আজি পুনৰ আৰক্ষীৰ অভিযানত জব্দ হ’ল বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ । নগাঁও চহৰৰ খুটিকটীয়াত আজি দিনৰ প্ৰায় ১ বজাত গুৱাহাটীৰ পৰা নগাঁৱলৈ বেংকৰ ষ্টিকাৰ লগাই অহা এখন ইন’ভা গাড়ীক আৰক্ষীয়ে আগুচি ধৰি অভিযান চলায়।
অৱশ্যে আৰক্ষীৰ দলটোৱে গাড়ীখন ৰখোৱাৰ লগে লগে ইনভা গাড়ী খনৰ এজন আৰোহীয়ে পলায়ণ কৰে। ইয়াৰ পিচতে বসন্ত বনিয়া নামৰ আনজন আৰোহীক আৰক্ষীয়ে আটক কৰি বাহন খনত তালাচী চলাই ২ লক্ষাধিক টকা মূল্যৰ ১০কাৰ্টন নিচাজাতীয় ঔষধ জব্দ কৰে।
আৰক্ষীয়ে আটক কৰা বসন্ত বনিয়া নামৰ যুৱকজনৰ ঘৰ গুৱাহাটীৰ নাৰেংগীত বুলি জানিব পৰা গৈছে । ধৃত যুৱকজনে জনোৱা মতে কামৰূপ জিলাৰ বকোৰ পৰা নগাঁৱলৈ নিচাযুক্ত ঔষধ খিনি অনা হৈছিল । ইতিমধ্যে আৰক্ষীয়ে বেংকৰ ষ্টিকাৰ লগোৱা সন্দৰ্ভতো সোধা-পোচা অব্যাহত ৰাখিছে।













