![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ৰেপিড এণ্টিজেন টেষ্টত কোভিড-১৯ পজিটিভ ওলোৱাৰ লগে লগে খঙত অগ্নিশর্মা হৈ চিকিৎসককে প্ৰহাৰ কৰিলে কোভিড আক্ৰান্তই। জানিব পৰা মতে, নগাঁৱৰ মাৰোৱাৰী হাইস্কুলৰ ৰেপিড এণ্টিজেন টেষ্ট চেন্টাৰত জিনা দাস নামৰ এগৰাকী মহিলাই ঋষিকেশ মহন্ত নামৰ এজন লোকৰ সৈতে আজি দুপৰীয়া কোভিড পৰীক্ষা কৰিবলৈ আহে।
সেই অনুসৰি ডা: ৰৌণক শৰ্মা নামৰ চিকিৎসক গৰাকীয়ে ৰেপিড এণ্টিজেন কীটৰ জৰিয়তে জীনা দাসৰ কোভিড পৰীক্ষা কৰায়। কিছূ সময়ৰ পিছতে জীনা দাসৰ কোভিড পজিটিভ ওলোৱাৰ লগে লগে চিকিৎসকৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় জিনা দাস আৰু ঋষিকেশ মহন্ত।
ইয়াৰ পিছতে দুয়ো চিকিৎসকগৰাকীক প্ৰহাৰ কৰি সেই স্থানৰ পৰা পলায়ণ কৰে। অৱশ্যে স্থানীয় ৰাইজে দুয়োগৰাকীকে আৱদ্ধ কৰাৰ চেষ্টা কৰে যদিও ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত কিছু পলম হোৱাৰ বাবেই ৰাইজে দুয়োকে বেছিপৰ আৱদ্ধ কৰি ৰাখিবলৈ সক্ষম নহ’ল।
কিয়নো কোভিড সংক্ৰমণৰ আশংকাত উপস্থিত ৰাইজেও দূৰত্ব বৰ্জাই ৰাখিবলৈ বাধ্য হয়। ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষী থানাত স্বাস্থ্যবিভাগে এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।













