
নগাঁও : নিৰৱচ্ছিন্ন সংগীতৰ সাধনাৰে অসমৰ সংগীতক্ষেত্ৰলৈ অনন্য অৱদান আগবঢ়াই যোৱা সুৰৰত্ন যজ্ঞ বেজবৰুৱাক আজি আদ্যশ্রাদ্ধৰ দিনটোত নগঞা শিল্পীসমাজে শ্ৰদ্ধাৰে স্মৰণ কৰে। শিল্পীমঞ্চ ‘গান্ধাৰ’ৰ উদ্যোগত প্ৰয়াত শিল্পী গৰাকীৰ গাঁও চহৰৰ নিকটবৰ্তী তেলিয়া পহুকটা বেজৰচুকৰ নিজ বাসগৃহৰ আদ্যশ্ৰাদ্ধ স্থলীত আজি পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। খোল প্ৰসংগৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। মাংগলিক পৰিৱেশত অশ্ৰুসিক্ত নয়নেৰে শিল্পীৰ প্ৰতিচ্ছবিত প্ৰথমে বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিণী মিনতি বেজবৰুৱাই।
প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ, গান্ধাৰৰ উপ-সভাপতি অনুপ বৰুৱা প্ৰমুখ্যে গুণমুগ্ধসকলে বিশিষ্ট সুৰকাৰ, সংগীতগুৰু যজ্ঞ বেজবৰুৱাৰ শ্ৰদ্ধাঞ্জলি বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে। কণ্ঠশিল্পী আৰিফুল হক, বৰণ বিকাশ, ৰিমলি শৰ্মা, চন্দনা বেজবৰুৱা, শিল্পী ৰঞ্জিত বৰা (দাদু), প্ৰাঞ্জল বৰুৱা আদিৰ উপৰি ভালেমান গুণমুগ্ধৰ উপস্থিতিত আয়োজন কৰা অনুষ্ঠানটোত গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাই এটি বৰগীত পৰিৱেশন কৰে।
প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই সুৰকাৰ যজ্ঞ বেজবৰুৱাৰ জীৱনৰ সৰুবৰ কেতবোৰ দিশ আলোকপাত কৰি শিল্পীজনৰ মৃত্যুৱে কলঙৰ পাৰ পুনৰ উকা কৰিলে বুলি মন্তব্য দিয়ে। অসম সাহিত্য সভাৰ সদ্য বিদায়ী প্ৰধান সম্পাদক পদুম ৰাজখোৱাই শিল্পীগৰাকীৰ সৈতে হোৱা ব্যক্তিগত সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি কয় যে “যজ্ঞ বেজবৰুৱা জনতাৰ শিল্পী আছিল।
অসমৰ সংগীতক্ষেত্ৰলৈ যিসকল বৰেণ্য সুৰকাৰ,গীতিকাৰে জীৱনজোৰা চৰ্চা আৰু সাধনাৰে অতুলনীয় আৰু সদা স্মৰণীয় অৰিহণা আগবঢ়াই গৈছে, সেইসকলৰ মাজৰ এগৰাকী অন্যতম শিল্পী আছিল নগাঁৱৰ যজ্ঞ বেজবৰুৱা। সাহিত্য সভাৰ বিদায়ী প্ৰধান সম্পাদকজনে স্মৃতিচাৰণ প্ৰসঙ্গত শৈশৱৰ পৰা কেৱল সংগীতকে জীৱনৰ মূল লক্ষ্য-উদ্দেশ্য কৰি লৈ সংগীতৰ মাজতে জীৱন অতিবাহিত কৰা সদ্যপ্ৰয়াত শিল্পীজনক ২০১৮ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰাৰ বাবে অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানত কণ্ঠশিল্পী আৰিফুল হক আৰু অনুপ বৰুৱায়েও বৰেণ্য শিল্পীজনৰ সান্নিধ্যৰ মধুৰ পলবোৰ সোঁৱৰণ কৰাৰ লগতে তেওঁৰ বৰ্ণিল সংগীত জীৱনৰ বিষয়ে আলোকপাত কৰে।
শিল্পী কৃষ্ণমণি নাথে দৰদী শিল্পী যজ্ঞ বেজবৰুৱাৰ সৈতে কটোৱা বহু সৃষ্টিশীল মুহূৰ্তক সুঁৱৰি নষ্টালজিক হৈ পৰে । তেওঁ কয় যে এতিয়াৰে পৰা যজ্ঞ বেজবৰুৱাৰ গীত আৰু সুৰসমূহৰ মাজতে আমি শিল্পীজনক বিচাৰি উলিয়াব লাগিব। যজ্ঞ বেজবৰুৱাই সুৰ কৰা গীতসমূহে শ্ৰোতা ৰাইজৰ মনৰ কেনভাচত এখন ছৱি আঁকিব পাৰিছিল বুলিও তেওঁ মন্তব্য দিয়ে । অনুষ্ঠানত শিল্পী ৰিমলি শৰ্মাই কণ্ঠদান কৰা আৰু যজ্ঞ বেজবৰুৱা সুৰাৰোপিত এটি জনপ্ৰিয় গীতৰ ভিডিঅ’ উন্মোচন কৰাৰ লগতে বৰ্তমানে মুম্বাই নিবাসী কণ্ঠশিল্পী ৰীতা বৰা অধিকাৰীৰ এটি গীতো পৰিৱেশন কৰা হয় । শ্ৰীশ্ৰী মাধৱদেৱৰ এটি ঘোষাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণি পৰে ।












