![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সংস্কৃত গীতৰ ৰাষ্ট্ৰীয় শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত দিল্লীদূৰদৰ্শনৰ ডি ডি নিউজ, তাৰ সংস্কৃত অনুষ্ঠান ‘বাৰ্তাৱলী’ তথা আকাশবাণী যোগে কাইলৈ পৰিৱেশিত হ’ব হিন্দী কবি শ্যামল গুপ্ত পাৰ্ষদ ৰচিত “বিজয়ী বিশ্ব তিৰংগা প্যাৰা, ঝণ্ডা ঊঁচা ৰহেঁ হমাৰা” শীৰ্ষক কালজয়ী দেশপ্ৰেমৰ গীতৰ সংস্কৃত ৰূপান্তৰ।
গীতটিত শিল্পী বেজবৰুৱাৰ উপৰি কণ্ঠদান কৰিছে কৃষ্ণা দাস বৰা, মনমিত মহন্ত আৰু নিভাৰাণী বৰাই। বাঁহীবাদক প্ৰাঞ্জল বৰাৰ সংগীত ব্যৱস্থাপনা সমৃদ্ধ আপুৰুগীয়া গীতটিৰ অনুবাদক জে এন ইউৰ অধ্যাপক ড: নাৰায়ণ দত্ত মিশ্ৰ।
প্ৰণিধানযোগ্য যে ১৯৩৮ চনত হৰিপুৰা কংগ্ৰেছ অধিবেশনক প্ৰথমবাৰলৈ পৰিবৱেশিত হোৱা “বিজয়ী বিশ্ব তিৰংগা প্যাৰা” গীতটিৰ এক প্ৰেৰণাদায়ক মহৎ ইতিহাস আছে | বাপুজীৰো অতি প্ৰিয় এই গীতক স্বয়ং নেতাজী সুভাষ বসুৱে ‘ঝণ্ডা গীত’ বুলি আখ্যা দি গৈছে।













