![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলাত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা অতি উদ্বেগজনক ভাৱে বৃদ্ধি পায়েই আছে। আজিৰ দিনটোতে জিলাখনত ১৪৫ গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।
ইয়াৰে ৯০ গৰাকী ৰেপিড এন্টিজেন্ট ষ্টেট আৰু ৫৫ গৰাকী স্বাৱ পৰীক্ষাৰ জৰিয়তে কভিড-১৯ পজিটিভ বুলি নিশ্চিত হৈছে। ইয়াকে লৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪২৬২ জনলৈ বৃদ্ধি পালে বুলি নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনাইছে।













