![]()
জিতেন বৰকটকী:
নগাঁও : বিশ্বৰ মানৱ জাতি তথা মানৱ সভ্যতা বৰ্তমান গভীৰ সংকটত । মাত্ৰ কেইটামান মাহৰ পূৰ্বে চীন দেশৰ য়ুহান প্ৰদেশত আবিৰ্ভাৱ ঘটিছিল এটা অচিন ভাইৰাছৰ । এটা সপ্তাহৰ ভিতৰতে সদাব্যস্ত য়ুহানলৈ এই অচিন ভাইৰাছটোৱে নমাই আনিছিল মৰিশালিৰ নিস্তব্ধতা।
যি সময়ত ন’ভেল কৰ’না ক’ভিড-১৯ নামৰ ভাইৰাছে চীনত নৰসংহাৰ চলাইছিল সেইখিনি সময়ত সমগ্ৰ বিশ্ব বাসীয়ে সপোনতো ভবা নাছিল এই ক’ভিড-১৯ ৰ আগ্ৰাসনে মাত্ৰ কেইটামান মাহৰ ভিতৰত সমগ্র বিশ্বকে স্তব্ধ কৰি দিব বুলি। অতি তীব্ৰগতিত সংক্ৰমিত ক’ভিড-১৯ এ সমগ্ৰ বিশ্বৰ দুশৰো অধিক দেশত প্ৰৱেশ কৰিবলৈ সময় লাগিল মাত্ৰ চাৰিটা মাহ।
আজি বিশ্বৰ গতিশীল মানৱ জাতিক লকডাউনৰ নামত পিঞ্জৰাবদ্ধ কৰিলে ন’ভেল কৰ’নাই । দিশহাৰা তথা অসহায় হৈ পৰিছে সৌৰজগতত বিচৰণ কৰি ফুৰা আধুনিক বিজ্ঞান । এই ভাইৰাছটো আৰু বিশ্ব মানৱৰ জীৱনলৈ নামি অহা অভিশপ্ত এই সময় খিনিৰ পটভূমিত নগাঁৱৰ সাংবাদিক মুৰুলী বৰুৱাই লিখি উলিয়াইছিল কৰ’না সম্পৰ্কীয় প্ৰথমখন অসমীয়া গ্ৰন্থ “কৰ’না- শ্বাসৰুদ্ধ সময়ৰ দস্তাবেজ” শীৰ্ষক এখনিগ্ৰন্থ ।
আনহাতে গ্ৰন্থখন প্ৰকাশৰ বাবে আগবাঢ়ি আহে অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী নগাঁৱৰ ‘ক্ৰান্তিকাল’ প্ৰকাশন। ২২৪ পৃষ্ঠাৰ এই গ্ৰন্থখন আজি নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনে আয়োজন কৰা দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই ।
নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ,প্ৰকাশক কৈলাশ ৰাজখোৱা আৰু জিলা প্ৰশাসনৰ বিষয়াসকল এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে।













