ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৃষি ক্ষেত্ৰৰ উত্তৰণেহে সম্ভৱ কৰিব অসমৰ প্ৰগতি : মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি ৰাজ্যিক বিজেপিৰ

ASSAM TIMES POST by ASSAM TIMES POST
August 16, 2020
Reading Time: 1 min read
A A
0
কৃষি ক্ষেত্ৰৰ উত্তৰণেহে সম্ভৱ কৰিব অসমৰ প্ৰগতি : মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি ৰাজ্যিক বিজেপিৰ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

গুৱাহাটীঃ বিগত চাৰি বছৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সমূহ অসমবাসীৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “সবকা সাথ্, সবকা বিকাশ্, সবকা বিশ্বাস্” আৰু “আত্মনিৰ্ভৰ ভাৰত” নীতিৰে অসমবাসীৰ মতামতক গুৰুত্বসহকাৰে লৈ এখন “আত্মনিৰ্ভৰ অসম” গঢ়াৰ লক্ষ্যৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত কৰা ঘোষণাসমূহক আদৰণি জনায় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷

মূলতঃ কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি প্ৰদানেৰে গ্ৰামাঞ্চলৰ বিকাশ সাধনেৰেহে “আত্মনিৰ্ভৰ অসম”ৰ সপোন সাকাৰ হ’ব বুলি আশা ব্যক্ত কৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে।

এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই কয় যে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কোটি টকা ব্যয়েৰে “আত্মনিৰ্ভৰ ভাৰত” অভিযানৰ আৰম্ভ কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰীয়ে কালি জজ ফিল্ডৰ পতাকা উত্তোলনৰ বাকৰিৰ পৰা “আত্মনিৰ্ভৰ অসম” গঢ়াৰ উদ্দেশ্যেৰে কৃষিক্ষেত্ৰৰ উত্তৰণৰ দিশত যিসমূহ সূদূৰপ্ৰসাৰী ঘোষণা কৰিছে সেয়া নিসন্দেহে আদৰণীয়৷ চৰকাৰৰ এনে পদক্ষেপে অসমৰ যুৱক-যুৱতীসকলৰ আৰ্থিক বিকাশত এক নতুন গতি প্ৰদান কৰিব৷ লগতে অসমৰ ঘৰুৱা উৎপাদনো বহুলাংশে বৃদ্ধি পাব৷

ঘোষণাসমূহৰ ভিতৰত বিশেষকৈ ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ আবেদনৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধতম সীমা পূৰ্বৰ ৩৮ বছৰৰ পৰিৱৰ্তে ৪০ বছৰলৈ কৰা বৃদ্ধিৰ ঘোষণাই বহু চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ মনত আশাৰ সঞ্চাৰ কৰিছে বুলি উল্লেখ কৰি তেখেতে কয় যে অসমৰ নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তাৰোপৰি ৰাইজৰ প্ৰয়োজনীয় চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ধানৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাত “ৰাইচ ক্লাষ্টাৰ”ৰ সিদ্ধান্ত, ৰাজ্যৰ কৃষকে যাতে ধানৰ উচিত মূল্য পায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন জিলাত ধান ক্ৰয়ৰ কেন্দ্ৰ মুকলি কৰি চৰকাৰীভাৱে ধান ক্ৰয়ৰ ব্যৱস্থা কৰাৰ ঘোষণা, ধানসমূহ যাতে গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাত সহায় হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অসমৰ ভিন্ন ২২০টা ধানবনা কল স্থাপনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত আৰু এনে কল স্থাপন কৰিব বিচৰা থলুৱা উদ্যোগী, সমবায়, আত্মসহায়ক গোটক ৩০% ৰাজসাহাৰ্য্য দিয়াৰ যি সিদ্ধান্ত লোৱা হৈছে এয়া আৰু কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবলৈ প্ৰতিখন জিলাতে শীতলীকৰণ ভঁৰাল স্থাপন কৰাৰ ঘোষণা
অত্যন্ত আদৰণীয় ৷

আনহাতে, পথাৰ আৰু বজাৰৰ মাজত সংযোজনৰ প্ৰতি লক্ষ্য ৰাখি ১০০০ খন মিনি ট্ৰাক প্ৰদানৰ যি ঘোষণা কৰিছে ই নিশ্চয়কৈ বহু যুৱকক স্বাৱলম্বী হোৱাত সহায়ক হ’ব। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূবক জৈৱিক হাব হিচাপে গঢ়াৰ উদ্দেশ্য অসমৰ ৭৫ হাজাৰ বিঘা কৃষিভূমি চিনাক্ত কৰা হৈছে। আৰু কৃষিৰ ক্ষেত্ৰত এই সিদ্ধান্তই অসমক আগুৱাই যোৱাত বহুপৰিমাণে সহায়ক হ’ব ৷

সকলো জিলাতে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে (PPP মডেলেৰে) একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপন আৰু প্ৰতিখন জিলাতে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে পশুখাদ্য মিল স্থাপন কৰাৰ
ঘোষণাই বহু পশুপালকক সকাহ দিব বুলিও তেখেতে আশা প্ৰকাশ কৰে ৷

তাৰোপৰি ৰাজ্যৰ সকলো বিল-জলাশয় চিনাক্ত আৰু জৰীপ কৰি থলুৱা আত্মসহায়ক গোটক মৎস উৎপাদনৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়াৰ ঘোষণাই বহু মৎস্যপালকক উৎসাহিত কৰিব আৰু যুৱ প্ৰজন্ম এই ক্ষেত্ৰত আকৰ্ষিত হৈ এখন নতুন অসম গঢ়িবলৈ সক্ষম হ’ব বুলি উপ-সভাপতি গৰাকীয়ে ব্যক্ত কৰে ৷

তেখেতে লগতে কয় যে বিজেপি দলে সদায় অসম আৰু অসমীয়াৰ সৰ্বাংগীণ উন্নতিৰ হকে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কাম কৰি যাব। অসমীয়া যুৱক-যুৱতীয়ে বজাৰ আৰু পথাৰ দখল কৰিব পাৰিলেহে সোণৰ অসমৰ সপোন ৱাস্তৱায়িত হ’ব। বিজেপি দল আৰু এইখন চৰকাৰে সদায়েই প্ৰতিজন খিলঞ্জীয়া অসমীয়া যুৱক-যুৱতীক কৰ্মসংস্কৃতিৰ মাধ্যমেৰে জাতিৰ লগতে ৰাজ্যৰ বিকাশত অংশীদাৰ হ’বলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াই আহিছে আৰু অনাগত দিনতো এনেদৰেই কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে উপ-সভাপতি গৰাকীয়ে।

Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx