
নগাঁও : দেশৰ অন্যান্য স্হানৰ লগতে আজি নগাঁৱতো ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস উদযাপন কৰা হয়। মহাৰাষ্ট্ৰৰ মানৱ হিতৈষী চিকিৎসক, বিশিষ্ট সমাজকৰ্মী, যুক্তিবাদী লেখক ডাঃ নৰেন্দ্ৰ দাবোলকাৰকৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় মনস্কতা দিৱস উপলক্ষে নগাঁও চহৰৰ মাৰোৱাৰীপট্টিত ৰাজপথৰ দাঁতিত হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত বেনাৰ, প্লে কাৰ্ড প্ৰদৰ্শন কৰি ৰাইজক বিজ্ঞান সম্পৰ্কীয় মানসিকতা সৃষ্টিৰ বাবে সজাগতাৰ চেষ্টা চলায়।
স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি অধ্যাপক অমৰেন্দ্ৰ শৰ্মা আৰু সাধাৰণ সম্পাদক গুনেন্দ্ৰ চক্ৰৱৰ্তীৰ নেতৃত্বত কেবাগৰাকী সদস্যই সমাজৰ পৰা অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰাৰ উদ্দেশ্যে এক মানৱ শৃংখলা কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত অনুষ্ঠানত সংগঠনটোৰ কোষাধ্যক্ষ সত্যজিৎ ৰায়, শিক্ষক ছাইফুল ইছলাম প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।
পিছত অনুষ্ঠানৰ নেতৃত্ব দিয়া বিজ্ঞান মঞ্চৰ জিলা সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বিজ্ঞান-প্ৰযুক্তি অবিহনে কেতিয়াও এখন সমাজ বা দেশ আগবাঢ়িব নোৱাৰে। সেয়েহে এই দিশত সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। এখন অন্ধবিশ্বাস আৰু কু-সংস্কাৰ মুক্ত সমাজ গঢ়াৰ বাবে আহ্বান জনাই তেওঁ লগতে কয় যে মহাৰাষ্ট্ৰৰ মহান ব্যক্তি প্ৰয়াত ডাঃ নৰেন্দ্ৰ দাবোলকাৰৰ নীতি আদৰ্শৰে আমি আগুৱাই যোৱা উচিত।













