![]()
মনোজ কুমাৰ পাঠক:
লংকা : লংকাৰ কাষতেই আছে সেউজীয়া ঘন জংঘলৰে আবৰা লামডিং বনাঞ্চল। ৰাষ্ট্ৰীয় চাৰি লেনযুক্ত ঘাইপথৰে লংকা পৰা লামডিঙলৈ গ’লে পথৰ দুয়োকাষে দেখিবলৈ পোৱা যায় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই বনাঞ্চলখন।
কিন্তু দূৰ্ভাগ্যজনক কথা এই যে সেউজীয়া এই বনাঞ্চলখন বৰ্তমান বন মাফিয়াৰ কৱলত। চোৰাং কাঠ ব্যৱসায়ীয়ে বনাঞ্চলখনৰ মূল্যবান গছ কাটি ক্ৰমান্বয়ে নিঃশেষ কৰিছে। লামডিং বনাঞ্চলখনৰ চেগুণ, গমাৰীকে ধৰি মূল্যবান গছটোৰ এফালৰ পৰা কাটি নিঃশেষ কৰিছে চোৰাং কাঠ ব্যৱসায়ীয়ে। বনাঞ্চলখনৰ মূল্যবান গছ-গছনীবোৰ কাটি চাইকেল, ঠেলা আদিৰে লংকাৰ সমীপৱৰ্তী বিভিন্ন অঞ্চললৈ ৰূপ্তানী কৰি ৰমৰমীয়া বেহা চলাই আছে৷
লংকাৰ আঞ্চলিক বন কৰ্মী, তিনিআলী বন কৰ্মী তথা নখুঁটি বিট কাৰ্যালয়ৰ কৰ্মীসকলে বনাঞ্চলখনৰ গছ-গছনীবোৰ সুৰক্ষা দিবৰ বাবে নিজৰ কৰ্তব্য দিনে ৰাতিয়ে নিষ্ঠাৰে পালন কৰিছে যদিও বনকৰ্মীৰ চকুত ধূলী মাৰি চোৰাং কাঠ ব্যৱসায়ীয়ে ক্ৰমান্বয়ে চলাই গৈছে বন ধ্বংস যজ্ঞ।
এনেদৰে বন মাফিয়াই বনাঞ্চলখনৰ গছ-গছনী ক্ৰমান্বয়ে ধ্বংস কৰি গৈ থকাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে অহা পাঁচ-দহ বছৰৰ পিছত লামডিং বনাঞ্চলখন যে নিঃশেষ হৈ যোৱাৰ সদ্ভাৱনা প্ৰকট হৈ পৰিছে৷












