নিউজ ডেক্স:
ৰাজ্য ২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী।ৰাজনীতিৰ পথাৰত এজন পাছত আন এজন শিল্পী যোগদান অব্যাহত আছে।যতীন বৰা, আশা বৰদলৈ, বিদ্যাসাগৰৰ পাছত এইবাৰ বিজেপিত যোগদান কৰিব আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহী বাদক দীপক শৰ্মাই।
সোমবাৰে শিল্পী গৰাকীয়ে আনুষ্ঠানিক ভাৱে গেৰুৱাবসন পৰিধান কৰিব বুলি বিজেপি শীৰ্ষ সূত্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে।
উল্লেখ কংগ্ৰেছ দলত সোমবাৰে আনুষ্ঠানিক ভাৱে যোগদান কৰা সম্ভাৱনা আছে শিল্পী অজয় ফুকন, বাবু বৰুৱা, নেকিবকে ধৰি বহুকেইজন ৰাজ্য কা’ বিৰোধীৰ শিল্পীয়ে।













