নিউজ ডেক্স:
আৰক্ষী অধীক্ষকক ১৫ লাখ টকা উৎকোচ দিবলৈ আহি আজি গ্ৰেপ্তাৰ হল এজন ব্যক্তি৷ উল্লেখ্য যে মৰিগাঁও আৰক্ষী অধীক্ষকক ১৫ লাখ টকা ঘোচ দিবলৈ আহি আজি আটক হৈ মৈৰাবাৰীৰ মান্নাজ আলী নামৰ অবৈধ ভাবে গুৰ প্ৰস্তুত কৰা ব্যৱসায়জন৷
আৰক্ষী অধীক্ষকৰ মতে মৈৰাবাৰী থানাৰ এলেকাত ৫ টাকৈ অবৈধ ভাৱে বিভিন্ন কেমিকেল মিলাই গুৰ প্ৰস্তুত কৰি বিভিন্ন ঠাইত বিক্ৰী কৰি থকা ৫ টাকৈ ফেক্টৰিত কিছুদিন পূৰ্বে অভিযান চলাই জব্দ কৰিছিল মৰিগাঁও আৰক্ষীয়ে৷তাৰ পিছত এই গুৰ প্ৰস্তুত কৰা ৫টা কাৰখানাৰ মালিক পলায়ন কৰি আছিল৷
আৰক্ষীক মেনেজ কৰিবলৈ বিভিন্ন লোকৰ দ্বাৰা উপঢৌকনৰ দিয়াৰো যোগাযোগ কৰিছিল৷ এই সন্দৰ্ভত আৰক্ষী অধীক্ষক গম পোৱাত আৰক্ষীৰ উৰ্দ্ধতন কৰ্তৃপক্ষ জনাই আজি মৰিগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতত ঘোচ দিবলৈ এটা পাচলি থকা মোনাত ভৰাই অনা ১৫ লাখ টকা হাতে লোটে ধৰে ধৃত মান্নাজ আলীক।
আজি ধৃত মান্নাজ আলীয়ে আৰক্ষী অধীক্ষক জনৰ কাৰ্যালয়ত এই টকা খিনি দিব আহিছিল।এই সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কৈ যে মৰিগাঁও আৰক্ষী প্ৰশাসনে দুৰ্নীতি সৈতে আপোচ কোনো দিন নকৰে আৰু এনেদৰে আৰক্ষী বিষয়ৰ সৈতে ধনৰ বুজাবুজি কৰিবলৈ আহিলে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হব।













