নিউজ ডেক্স:
২৮ আগষ্টৰ পৰা অসমক ‘অশান্ত অঞ্চল’ ঘোষণা।অহা ২৮ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৬ মাহলৈ অসমক ‘অশান্ত অঞ্চল’ ঘোষণা কৰা হৈছে।
সেনা বাহিনী(বিশেষ ক্ষমতা) আইন-১৯৮৫ৰ অধীনত অসমক অশান্ত অঞ্চল ঘোষণা।শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণ, অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ পৰিপ্ৰেক্ষিতত এই ঘোষণা। মঙলবাৰে ৰাজ্য চৰকাৰে এক বিজ্ঞপ্তিযোগে প্রকাশ কৰে এই কথা।













