
নগাঁও : সংস্কৃত গীতৰ শিল্পী, গীতিকাৰ, অনুবাদক ৰঞ্জন বেজবৰুৱালৈ চলিত বর্ষৰ ‘ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি’ সন্মান আগবঢ়াইছে উৰিষ্যাৰ পুৰীস্থিত ‘লোকভাষা প্ৰচাৰ সমিতি, ভাৰত’ নামৰ আন্ত:ৰাষ্ট্ৰীয় সংগঠনটোৱে। সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ দিশত মনোনিবেশ কৰি অহা আৰু বিশ্বৰ ৪২ খন দেশলৈ প্ৰসাৰিত আন্তৰাষ্ট্ৰীয় অনুষ্ঠানটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহৰ সিদ্ধান্ত মৰ্মে অধ্যক্ষ ড: সদানন্দ দীক্ষিতে এক বিজ্ঞপ্তিযোগে এই কথা অৱগত কৰে।
উল্লেখ্য যে, শিল্পী বেজবৰুৱাই ভাৰতীয় সংগীতক সংস্কৃত ভাষাৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাক ভাৰতীয় মাধ্যমেৰে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই আহিছে। মূলত: অনুবাদ আৰু পুন:সৃষ্টিৰ জৰিয়তে ভাৰতীয় ভাষা আৰু সংগীতৰ আদান-প্ৰদানেই বেজবৰুৱাৰ সাংস্কৃতিক কৰ্মৰ মূল বিষয় । শিল্পী বেজবৰুৱাৰ শতাধিক মৌলিক আৰু ভিন্ন ভাষাৰ পৰা সংস্কৃতলৈ অনূদিত গীতৰ পুথিৰ ভিতৰত ‘গীত-সংস্কৃতম্’ আৰু ভাৰতীয় সংস্কৃতিমূলক নিৱন্ধ সংকলন ‘আনন্দ-সুধাকৰ’ উল্লেখনীয়। দেশৰ ভালেসংখ্যক সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰা শিল্পী বেজবৰুৱাৰ গীত বিদেশতো জনপ্ৰিয় হৈ পৰিছে। ভালেসংখ্যক গীতৰ শ্ৰব্য চিডিৰ উপৰি ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম- আকাশবাণী, দূৰদৰ্শন, ইণ্টাৰনেটৰ মাধ্যমতো শিল্পী বেজবৰুৱাৰ সংস্কৃত ভাষাৰ গীত সমূহে সমাদৰ লাভ কৰিছে।
উল্লেখ্য, ২০১৬ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ ‘ডি ডি নিউজ’ যোগে ইকবাল ৰচিত দেশভক্তিমূলক গীত ‘চাৰে জাঁহা চে অচ্ছা’ৰ সংস্কৃত ৰূপান্তৰৰ উপৰি শিল্পী বেজবৰুৱাৰ নিজা অনুবাদেৰে ড: ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে’, ৰৱীন্দ্ৰনাথৰ ‘একলা চলো ৰে’, অসমৰ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ’; ভিন্ন জনৰ অনুবাদেৰে ‘বৈষ্ণৱ জন তো’ সমবেত কণ্ঠত মহমদ ৰফিৰ কণ্ঠৰ ‘জাহাঁ ডাল ডাল পৰ’, এ আৰ ৰহমানৰ ‘ভাৰত হমকো জান চে প্যাৰা হে’ আদিয়ে শ্ৰোতাৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ২০১৭ চনত দেশৰ দ্বিতীয়টো সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ৰ জন্মদাতা ৰঞ্জন বেজবৰুৱাই সংস্কৃত সংগীতৰ বিস্তাৰৰ ক্ষেত্রত মনোনিবেশ কৰি আহিছে ।
উল্লেখ্য, দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১৬ আগষ্টত ভাৰতবৰ্ষৰ ভালেকেইগৰাকী বিদ্বান লোকৰ উপস্থিতিত লোকভাষা প্ৰচাৰ সমিতিৰ অসম শাখাৰ কাৰ্যকৰী সভাপতি কুশল কলিতাৰ সঞ্চালনাত এক ৰাষ্ট্ৰীয় ‘ৱেব সন্মিলন’ত ভাগ লৈ শিল্পী ৰঞ্জন বেজবৰুৱাই কিছু সংস্কৃত গীত পৰিৱেশন কৰিছিল। ইয়াৰ পাছতেই শিল্পী বেজবৰুৱাক এই সন্মানৰ বাবে মনোনীত কৰাৰ চিন্তা-চৰ্চা আৰম্ভ হোৱা বুলি শিল্পী বেজবৰুৱাই জানিবলৈ দিয়ে। উল্লেখ্য, নগাঁও জিলাৰ হাতীচোং চকলাঘাট নিবাসী শিল্পী ৰঞ্জন বেজবৰুৱা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত ।













