বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তই আজি শেষ নিশ্বাস ত্যাগ কৰে। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় শিল্পীগৰাকী। মহানগৰীৰ হেলথ চিটি হস্পিটেলত তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰে।
১৪ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। প্ৰয়াত স্বামী বিহু সম্ৰাট খগেন মহন্তৰ সৈতে মঞ্চ কঁপাইছিল অৰ্চনা মহন্তই।অৰ্চনা মহন্তৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছা পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।













