ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : বৈষ্ণৱ আদৰ্শৰ সত্ৰীয়া অনুষ্ঠান নগাঁৱৰ পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আজি প্ৰয়াত অভিনেতা গুণ মহন্তৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত অভিনেতা গৰাকীক স্মৰণ কৰা হয়। এই উপলক্ষে নগাঁও চহৰৰ ফৌজদাৰিপট্টি স্থিত প্ৰয়াত অভিনেতা গৰাকীৰ নিজা বাসভৱনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী নৌছাদ আখতাৰ হাজৰিকাই। উক্ত অনুষ্ঠানত সমাজকৰ্মী, নাট্যকৰ্মী,অধিবক্তা নিৰঞ্জন শৰ্মাক ”গুণ মহন্ত বঁটা” প্ৰদান কৰা হয়।
প্ৰয়াত অভিনেতা গুণ মহন্তৰ পৰিয়ালবৰ্গৰহৈ এই বঁটা প্ৰদান কৰে ক্ষীৰদানন্দ মহন্তই। বঁটা প্ৰদানৰ প্ৰশস্তি পত্ৰ পাঠ কৰে ৰক্তিম সুৰুয মহন্তই।অনুষ্ঠানৰ আঁত ধৰে লখিমী মহন্তই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘কৰতল কমল’ শীৰ্ষক কোমল গীতৰ আধাৰত সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি উদ্বোধন কৰে মিচিমি মহন্তই।
তদুপৰি অনুষ্ঠানত সত্ৰীয়া নৃত্য,বৰগীত ,গিৰী নন্দিনী নৃতানুষ্ঠান আদি পৰিবেশন কৰা হয়।অনুষ্ঠানত বৰগীত পৰিবেশন কৰে দেৱাশীষ শইকীয়া আৰু তেজা শইকীয়াই।নাম পৰিবেশন কৰে ইন্দ্ৰেশ্বৰ মহন্ত,অতুল বৰা,বিলি দেৱী,ৰুলী খাটনিয়াৰ,মৌচুমী বৰা আৰু মাধৱানন্দ গোস্বামীয়ে। সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে ৰাজশ্ৰী লস্কৰ,ধৰিত্ৰী ডেকা ৰজা,মৌচুমী বৈশ্য,ধৰিত্ৰী ৰাজখোৱা,বিদ্যাশ্ৰী কাকতি,একতা কুণ্ডু, প্ৰণয়না কাশ্যপ,উৰ্বশী লিগিৰা আৰু উৰ্মিলা লিগিৰাই।
নৃত্য গীত সমূহ পৰিচালনা কৰে লখিমী মহন্ত আৰু মিচিমি মহন্তই।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা আৰু ইন্দ্ৰেশ্বৰ মহন্তই অংশগ্ৰহণ কৰে। ইপিনে আজি অসম শিল্পী কাননৰ উদ্যোগত নগাঁও কলেজ চ’ক পইন্টত গণ শিল্পী প্ৰয়াত গুণ মহন্তৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আন এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নগাঁৱৰ বয়োজেষ্ঠ সাংবাদিক তথা অসম শিল্পী কাননৰ মুখ্য উপদেষ্টা ৰাজেন বৰকাকতিয়ে।














