অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত পুৱতি সাহিত্য সভা ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষক লক্ষ্য বড়িৰ দুখন গ্ৰন্থ উন্মোচন হৈ যায় যোৱা ২৭ আগষ্টত।
পুৱতি সাহিত্য সভাৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ অপূর্ব বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ‘এতিয়া উভতি চালে’ শীর্ষক গ্ৰন্থ উন্মোচন কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণে আৰু ‘লকডাউনত মুনু আৰু টুনু’ শীর্ষক শিশু গ্ৰন্থ উন্মোচন কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়াই।
জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই আঁত ধৰা অনুষ্ঠানত লকডাউনৰ সময়ছোৱা সদব্যৱহাৰ কৰি লক্ষ্য বড়িৰ লগতে বোকাখাতৰ সাহিত্য কৰ্ষণ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীবন চন্দ্র বৰা, বিশিষ্টা কবি নিজৰা বৰঠাকুৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্রীয় কাৰ্যকৰী সভানেত্রী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, শিক্ষক লীলাধৰ চেতিয়াই। সভাত সুকন্ঠী গায়িকা অৰ্চনা মহন্তৰ বিয়োগত গভীৰ শোক প্রকাশ কৰা হয়।













