ষ্টাফ ৰিপ’ৰ্টাৰ:
নিট-জেইই পৰীক্ষাৰ স্থগিত ৰখা দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰতিবাদী ধৰ্ণা ৰূপায়ন।গুৱাহাটী ৰটাৰী ক্লাবৰ সমীপত শতাধিক কংগ্ৰেছ কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।দেশজুৰি নিখিল ভাৰত কংগ্ৰেছৰ আহ্বান মৰ্মে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণাক নেতৃত্ব দিয়ে সভাপতি ৰিপুন বৰাই।
বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদান কৰে কংগ্ৰেছকর্মী সকলে।বিজেপি গ’ বেক, নৰেন্দ্ৰ মোডী হায় হায়, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, নিট-জেইই পৰীক্ষাৰ বাতিল কৰক আদি শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে
কামৰূপ(ম) জিলা কংগ্ৰেছৰ লগতে এনএছইউআই কামৰূপ জিলা সমিতিয়ে প্ৰতিবাদ অংশ গ্ৰহণ কৰে।ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰিপুন বৰাই বিজেপি চৰকাৰক জেদী চৰকাৰ আখ্যা দিয়ে।ছাত্ৰ-ছাত্ৰীৰ তথা নৱপ্ৰজন্ম জীৱনকলৈ তেওঁলোকে হেতালি খেলিব পাৰে।
দেশত ক’ৰোনা ব্যাপক সংক্ৰমণৰ লগতে বিভিন্ন ৰাজ্যত হৈ থকা বানপানীৰ বাবে বৰ্তমান জেইই আৰু নিট পৰীক্ষাৰ বাতিল কৰিব লাগে- বৰাই কয়।পৰীক্ষাৰ নাপাতিব আমি কোৱা নাই কিন্তু বৰ্তমান পৰিস্থিতিত পতাটো আমি বিৰোধিতা কৰিছোঁ-লগতে কয়।
ছাত্ৰ-ছাত্ৰীৰ জীৱনটো হৈছে অতি গুৰুত্বপূৰ্ণ।কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত প্ৰজন্ম কিন্তু বিজেপি চৰকাৰে তেওঁলোকৰ সুৰক্ষা কথা চিন্তা কৰা নাই বুলি উল্লেখ কৰি বৰাই কয়- দেশৰ এটা বছৰ ৰক্ষা কৰিবলৈ গৈ যদি কোটি কোটি মানৱ সম্পদ ধ্বংস হয়।তেন্তে এটা বছৰ বাছি কোনো লাভ নহব”।
পহিলা ছেপ্টেম্বৰ পৰা বিদ্যালয় সমূহ খোলা বিৰোধিতা কৰি তেওঁ আৰু কয় – চৰকাৰে সময় লওঁক।পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব দিয়ক ।ছাত্ৰ-ছাত্ৰীৰ জীৱনটো আমাৰ অধিক মূল্যৱান।
উল্লেখ কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ মাহত দেশত জেইই আৰু নিট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।













