ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : “শিল্পী হ’ল কৃষ্টিৰ সাধক। শিল্পীয়ে জাতিক প্ৰানৱন্ত কৰি ৰাখে। ৰাজনীতি চয়তানৰ শেষ আশ্ৰয় স্থল। যি সকল শিল্পীয়ে ৰাজনীতিত প্ৰৱেশ কৰিলে সেই সকলে সেইবাবেই শেষ আশ্ৰয় বিচাৰি ল’লে।” এই উক্তি অসমৰ আগশাৰীৰ লোক শিল্পী, সদ্য ঘোষিত শিল্পী পেঞ্চন প্ৰাপক ধনেশ্বৰ শইকীয়াৰ।
ছঅ’ৰা বাদ্য সাঁজি, বজাই আৰু কলাসন্মতভাৱে পৰিৱেশন কৰি জীৱনৰ প্ৰায় ৭০ ৰ সীমাত ভৰি দিয়া শইকীয়াই কয় যে কোনো পুৰণি শিল্পী শেহতীয়া পৰিস্থিতিত ৰাজনীতিলৈ যোৱা নাই।
কিছুদিন পূৰ্বে শিল্পীৰ মজিয়াত ভৰি দি উচ্চাকাংখী একাংশ নতুন শিল্পীয়েহে ৰাজনীতিলৈ গতি কৰিছে। এওঁলোকৰ পৰা জাতিয়ে একো আশা নকৰাই ভাল। এই সকল শিল্পীৰ ভৱিষ্যত ছাঁ-পোহৰ বুলি একো নাথাকিব। থাকিব কেৱল অন্ধকাৰ।













