ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁৱত ড্ৰাগছ সহ পাঁচ জনক গ্ৰেপ্তাৰ।আজি দুপৰীয়া ১২.৪০বজাত নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চহৰ খনৰ মৰিকলং ষ্টেচনৰ ওচৰত ৰাবিয়া বেগম নামৰ ড্ৰাগছ মাফিয়া এগৰাকীৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হ’ল ৰাবিয়া বেগম,ফুল বেগম, নুৰুল ইছলাম,জেহিৰুল ইছলাম আৰু দ্বীপ বৰা। আৰক্ষীয়ে ৰাবিয়া বেগমৰ বাসগৃহৰ পৰা ২০৫টা হেৰ’ইন ভৰ্তি কন্টেনাৰ, ১০০টা কফ চিৰাপ বটল, ২০০০টা নিচাযুক্ত টেৱলেট, এ এছ ০২ এ এ ৩৭৬৭ নম্বৰৰ এখন স্কূটী আৰু নগদ তিনি হেজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰই জনাইছে।
উল্লেখ্য যে নগাওঁ চহৰকে ধৰি জিলা খনৰ বিভিন্ন স্থানত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছে। গুৱাহাটী মহানগৰিকে ধৰি নাগালেণ্ড, মণিপুৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ হৈ আছে। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও জিলাখনত ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাত আৰক্ষী সম্পূৰ্ণ সফল হব পৰা নাই।














