
নগাঁও : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অক্সিজেনৰ অভাৱত এজন ৰোগীয়ে কৰুণভাৱে মৃত্যুক সাবটি লোৱাৰ ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে, হোজাই জিলাৰ যোগীজানৰ সুবল বিশ্বাস (৬২) নামৰ এজন কৰোনা ৰোগীক ২৮ আগষ্টৰ বিয়লি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়স্থিত কোভিড হস্পিতালত ভৰ্তি কৰা হৈছিল। সুবল বিশ্বাসৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে কালি নিশা প্ৰায় ৯ বজালৈকে কৰোনা ৰোগীজনক এখন চকীত বহুৱাই ৰাখিছিল। সুবল বিশ্বাসক চিকিৎসালয় কৰ্তৃপক্ষই কৰা অৱহেলাৰ কথা চিকিৎসালয়খনত ভৰ্তি হৈ থকা আন কোভিড ৰোগীয়ে স্বীকাৰ কৰে।
ইপিনে, সুবল বিশ্বাসৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ বাবে পৰিয়ালে চিকিৎসক সকলক উন্নত চিকিৎসাৰ বাবে কাকুতি-মিনতিও কৰিছিল। অৱশেষত নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত বিশ্বাসক কোভিড হস্পিতালত ভৰ্তি কৰা হয়। কিন্তু দুপৰ নিশা ৰোগীগৰাকী বিচনাৰ পৰা বাগৰি পৰাত তেওঁৰ মুখৰ অক্সিজেন মাস্ক খুলি যায়। চিকিৎসালয়খনত ভৰ্তি হৈ থকা আন ৰোগীসকলে সুবল বিশ্বাসক পুনৰ বিচনাত উঠাই দিয়ে যদিও অক্সিজেন মাস্ক লগাবৰ বাবে চিকিৎসক তথা নাৰ্ছক খবৰ দিয়ে।
কিন্তু ৰোগীৰ এই আহ্বানক সঁহাৰি জনোৱাৰ পৰিৱৰ্তে কৰ্তব্যত নিয়োজিত এগৰাকী নাৰ্ছে বাহিৰৰ পৰা দুৱাৰ বন্ধহে কৰি দিয়ে। কিছু সময় পিছতে উশাহ ল’ব নোৱাৰি কৰুণভাৱে মৃত্যুক সাৱতি লয় সুবল বিশ্বাসে। নিশা প্ৰায় ১ বাজি ৩০মিনিটত শেষ নিশ্বাস ত্যাগ কৰা সুবল বিশ্বাসক চাবলৈ পুৱা ৭ বজাতহে স্বাস্থ্য কৰ্মী তথা নাৰ্ছ আহে। এই ঘটনাত ক্ষুদ্ধ হৈ পৰে সকলো।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে আছে বহু অভিযোগ। চিকিৎসালয়খনৰ কৰ্তৃপক্ষই আনকি পিপিই কিট পিন্ধি অসুস্থ হৈ পৰা স্বাস্থ্যকৰ্মীকো চিকিৎসা প্ৰদানৰ সলনি দুৰ্ব্যৱহাৰ হে কৰিছিল। চিকিৎসালয়খনৰ বিৰুদ্ধে নিশা প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল বহু কোভিড ৰোগীয়ে।
কিন্তু শেহতীয়াভাৱে হোজাইৰ সুবল বিশ্বাসৰ মৃত্যুয়ে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চলি থকা চৰম গাফিলতিৰ দিশটোক পুনৰ উদঙাই দেখুৱালে। মৃত সুবল বিশ্বাসৰ পৰিয়ালে চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ বাবে অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।













