
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ কার্যালয়ত সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ শপত গ্ৰহণ অনুষ্ঠান অলপতে অনুষ্ঠিত হয়। চুতীয়া জাতি সন্মিলনৰ উপ-সভানেত্ৰী মৰাণৰ কল্পনা বৰাই সভাপতিত্ব কৰা অনুষ্ঠানত উদেশ্য ব্যাখ্যা কৰে চুতীয়া জাতি সন্মিলনৰ সম্পাদিকা বুদ্ধেশ্বৰী বৰাই। উল্লেখযোগ্য যে ৩৪তম অধিবেশনখনি যোৰহাট জিলা টীয়কৰ জহাখাতত ৬মাহৰ আগতেই গঠন হৈছিল যদিও মহামাৰী কৰুণা বাবে শপত গ্ৰহণ অনুষ্ঠান হোৱা নাছিল।
উল্লেখযোগ্য যে আজি সভাত বোকাখাতৰ মহকুমা চুতীয়া জনগোষ্ঠীৰ ব্যক্তিৰ ভৱেশ শইকীয়া আৰু গোলোক বৰাক মহিলা সন্মিলনে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে, বিভিন্ন সময়ত এই দুজন ব্যক্তিয়ে জনগোষ্ঠীটো বাবে বহুতো কাম কৰি গৈছে, বোকাখাতৰ বিশিষ্ট সাংবাদিক, শিক্ষাবিদ ভৱেশ শইকীয়াক সদৌ অসম মইনা পাৰিজাতে অলপ দিনৰ আগতে শিশুবন্ধু উপাধাৰীৰে সন্মান জনাইছিল, লগতেই সাহিত্যিক, শিক্ষাবিদ গোলোক বৰাই জনগোষ্ঠীটো বাবে বহুতো গ্ৰন্থৰ লিখি উলিয়াছে। আজি সভাত উপস্থিত থাকি চুতীয়া জাতি মহিলা সন্মিলনৰ মুখ্য-উপদেষ্টা অন্নদা শইকীয়াই কয় যে জনগোষ্ঠীটো লোকসকলে যেনেদৰে আগবাঢ়ি যাব লাগিছিল ঠিক তেনেদৰে আগবাঢ়ি যাব পৰা নাই, বিভিন্ন সময়ত আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক চৰকাৰে অৱহেলিত কৰি আহিছে বুলি সভাত মন্তব্য প্ৰদান কৰে, লগতেই কয় যে মহিলাসকলৰ সমাজত যথেষ্ট গুৰুত্ব আছে।
আজি সভাত চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা ডালিমী শইকীয়া বৰা, চুতীয়া জাতি সন্মিলনৰ সম্পাদক প্ৰশান্ত শইকীয়া, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মন্টু শইকীয়া, সম্পাদক লাচিত কাকতি, সদৌ অসম লেখিকা সমাৰোহ সমিতি কাৰ্যকৰি সভানেত্ৰী তথা চুতীয়া জাতি মহিলা সন্মিলনৰ উপ-সভানেত্ৰী সুবৰ্ণ শইকীয়াই বক্তব্য প্ৰদান কৰে।
উল্লেখযোগ্য যে নৱনিৰ্বাচিত সমিতিখনৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া ডেকা আৰু সম্পাদিকা বুদ্ধেশ্বৰী বৰা নেতৃত্বত গঠন হোৱা সমিতিখনক শপত বাক্য পাঠ কৰোৱাই বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰশান্ত শইকীয়াই। শেষত সভাৰ সভানেত্ৰীয়ে বক্তব্য আৰু মন্তব্য প্ৰদান কৰে।













