
ষ্টাফ ৰিপ’ৰ্টাৰ
বোকাখাত : গোলাঘাট জিলাৰ বিভিন্ন এলেকাত চলিত বর্ষত তিনিবাৰ কৈ হোৱা বানপানীয়ে কৰা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ দুজনীয়া এটি আন্তঃমন্ত্রণালয় কেন্দ্রীয় দল যোৱা ২৭ আগষ্টত বোকাখাত উপস্থিত হয়। কেন্দ্রীয় দলটিৰ দুয়োগৰাকী সদস্য ক্রমে ভাৰত চৰকাৰৰ বিত্ত মন্ত্রণালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক এচ. কে. প্রধান আৰু শক্তি মন্ত্রণালয়ৰ কেন্দ্রীয় বিদ্যুৎ প্রাধিকৰণৰ সহকাৰী সঞ্চালক অ.পি চুমনে বানপানীত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বৰ উদ্দেশ্যে বোকাখাত মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।
গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্র মোডিৰ সভাপতিত্বত আয়োজিত এই আলোচনা চক্রত কৃষি, পশু-পালন, মীন, স্বাস্থ্য, পঞ্চায়ত আৰু গ্রামোন্নয়ন, শিক্ষা, গড়কাপ্তানী পথ সংমণ্ডল, জলসম্পদ, সমাজকল্যাণ, জনস্বাস্থ্য আৰু কাৰিকৰী, দুর্যোগ ব্যবস্থাপনা আদি বিভাগৰ মুৰবী বিষয়াসকল উপস্থিত থাকে। লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষও উপস্থিত থাকে। উক্ত আলোচনা চক্রত গোলাঘাট জিলা দুর্যোগ ব্যবস্থাপনা বিভাগৰ তৰফৰ পৰা জিলাখনত বানত হোৱা ক্ষয়-ক্ষতিৰ লগতে বানাক্ৰান্ত ৰাইজৰ বাবে প্রশাসনে লোৱা সকলো প্রকাৰৰ যাৱতীয় ব্যবস্থাৰ তথ্য সম্বলিত এখনি পি.পি.টি প্রদর্শন কৰা হয়। আলোচনা চক্ৰত উপস্থিত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰে বিগত দুয়োটা বানপানীত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত তথ্য কেন্দ্রীয় দলটোৰ আগত দাঙি ধৰে।
উল্লেখ্য যে, বানপানীত হোৱা ক্ষয়-ক্ষতিৰ আৰু অধিক বুজ ল’বৰ বাবে আন্তঃমন্ত্রণালয়ৰ কেন্দ্রীয় দলটোয়ে কাজিৰঙাৰ বান ক্ষতিগ্রস্ত এলেকা পৰিদর্শন কৰাৰ লগতে বানপানীত ক্ষতিগ্রস্ত হোৱা বাট-পথ, দলং, কৃষি ভূমি, পানী যোগান আঁচনি তথা মথাউৰি আদিও পৰিদর্শন কৰে। উক্ত পৰিদর্শন কালত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি. শিবকুমাৰ, বোকাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংলগ্ন শ্বগুফতা অঞ্জুম চুহেলীৰ লগতে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া ৰনী ৰাজকুমাৰ উপস্থিত থাকে।













