
অজন্তা তালুকদাৰ
বোকাখাত : গোলাঘাট কমাৰবন্ধাৰ বিশিষ্ট সমাজকৰ্মী কৈলাশ বৰা আৰু গোলাঘাট চেম্বাৰ্চ অৱ কমাৰ্চৰ যৌথ উদ্যোগত বোকাখাতৰ সাংবাদিকৰ সহযোগত বোকাখাতৰ বানাক্ৰান্ত চিনাকান গাঁৱত শতাধিক পৰিয়ালক আজি খাদ্য সামগ্ৰী প্ৰদান কৰা হয়। চিনাকান নামঘৰত সাহায্য বিতৰণৰ প্ৰাকক্ষণত স্থানীয় ৰাইজে সাহাৰ্যদাতাসকলক সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠানৰ আঁতধৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই।
বানাগ্ৰস্তসকলৰ প্ৰতি বক্তব্য প্ৰদান কৰে কৈলাশ বৰা, গোলাঘাট চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি শ্যামল দাস, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা আৰু স্থানীয় উদ্যোগী যুৱক পাপুমনি হাজৰিকাই।
খাদ্য সামগ্ৰী প্ৰদান অনুষ্ঠানত চেম্বাৰ্চ অৱ কমাৰ্চৰ কাৰ্যকৰী সভাপতি ৰিণ্টু শইকীয়া, সম্পাদক শ্ৰীনিৱাস বৰুৱা উপস্থিত থাকে। এই অনুষ্ঠানতে চি এচ চিৰ ৰজাবাৰীৰ সঞ্চালক অপূৰ্ব বৰঠাকুৰৰ হৈ কেন্দ্ৰটোৰ সদস্যই বানাক্ৰান্তসকলৰ মাজত মাস্ক বিতৰণ কৰে। নিজৰ বক্তব্যত কৈলাশ বৰাই অঞ্চলটোৰ কৃষক-শ্ৰমিক, ছাত্ৰ-ছাত্ৰীৰ হকে কিছু আঁচনি লোৱাৰ কথাও উল্লেখ কৰে।













