নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ সীতাপুৰত পাঁচজন যুৱকে মিলি এজনী দলিত নাবালিকাক ধর্ষণ কৰে। ধর্ষণ কৰিয়েই ক্ষান্ত নাথাকে নৰপিশাচ কেইটা, ধর্ষণৰ ভিডিও ছ’চিয়েল মিডিয়াত ভাইৰেলো কৰি দিয়ে। প্রাপ্ত খবৰ অনুযায়ী, পাঁচ ধর্ষণকাৰী যুৱক আৰু ধর্ষিতা নাবালিকাজনী একেই গাঁৱৰ বাসিন্দা। ছ’চিয়েল মিডিয়াত ধর্ষণৰ ভিডিও বিয়পি পৰাৰ পিছত আৰক্ষী আৰু নাবালিকাৰ ঘৰৰ লোকসকলে এই পৈশাচিক ঘটনাৰ কথা জানিব পাৰে।
৭ ছেপ্টেম্বৰত ধর্ষণ-কাণ্ড সংঘটিত হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ভিডিও বিয়পি পৰাৰ লগে লগেই তৎপৰ হয় আৰক্ষী। ইয়াৰ পিছত উত্তৰ প্রদেশৰ সীতাপুৰৰ চুলতানপুৰ থানাৰ ভণ্ডিয়া গাঁৱৰ পৰা এজন ধর্ষণকাৰীক গ্রেপ্তাৰ কৰা হয়। বাকা কেইজনক বিচাৰি তালাচী চলাইছে আৰক্ষীয়ে। নাবালিকা আৰু ধর্ষণকাৰী চুলতানপুৰ থানাৰ অন্তর্গত ভণ্ডিয়া গাঁৱৰেই বাসিন্দা বুলি জানিব পৰা গৈছে।
প্রাপ্ত তথ্য অনুযায়ী, শৌচ কৰিবৰ বাবে ঘৰৰ বাহিৰলৈ গৈছিল নাবালিকাজনী। সেই সময়তে গাঁৱৰ পাঁচ যুৱকে তেওঁৰ ওপৰত আক্ৰমণ চলায়। এডৰা কুঁহিয়াৰ খেতিলৈ লৈ গৈ চলায় পৈশাচিক অত্যাচাৰ। আনকি ধর্ষণকাৰীয়ে ভাবুকি দিয়ে যে, এই কথা কাৰোবাক জনালে সিহঁতে ঘটনাৰ ভিডিও ছ’চিয়েল মিডিয়াত এৰি দিব।
লাজ-অপমানৰ ভয়ত নাবালিকাজনীয়ে কাকো একো নজনায়। কিন্তু কালি ধর্ষণকাৰীয়ে ছ’চিয়েল মিডিয়াত সেই ভিডিও প্ৰচাৰ কৰে। ছ’চিয়েল মিডিয়াত ভিডিও এৰাৰ লগে লগেই মুহূর্তৰ ভিতৰতে ভাইৰেল হৈ যায়। ইয়াৰ পিছতেই বিষয়টো চাৰিওফালে জনাজাত হৈ যায়। এই ঘটনাৰ পিছত নির্যাতিতাৰ পৰিয়ালে থানাত এটি অভিযোগ দাখিল কৰে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত এজন ধর্ষণকাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।