
নিউজ ডেস্কঃ
আমিৰ খানৰ ৩ ইডিয়টৰ ভাইৰাছক মনত আছেনে? ভীৰু শাস্ত্রবুদ্ধি নামৰ এই চৰিত্রটোৰ আছিল এক বিশেষ গুণ। তেওঁ একেলগে দুই হাতে লিখিব পাৰে। বিৰলৰ ভিতৰত বিৰলতম এই প্রতিভাই কল্পনাৰ জগতৰ পৰা নামি আহিছে বাস্তৱলৈ। ভাৰতৰ এগৰাকী কিশোৰীয়ে একেলগে দুই হাতে লিখিব পাৰে। কেৱল সেয়াই নহয়, তেওঁ একে সময়তে দুই হাতে দুটি ভিন্ন ভাষা লিখিবলৈ সক্ষম।
ভাৰতত প্রতিভাৰ অভাৱ নাই। ভাৰতৰ প্রতিটো কোণতেই বিয়পি আছে নানা প্রতিভা, যি এতিয়াও আমাৰ বহুতৰেই অগোচৰতে আছে। কিন্তু সেই প্রতিভাৱানসকলৰ ভিতৰত দুই হাতে একে সময়তে লিখিব পৰা মানুহ খুবেই বিৰল। প্রখৰ মেধা আৰু ঐশ্বৰিক আশীর্বাদ অবিহনে সেয়া প্রায় অসম্ভৱ৷ কিন্তু দুই হাতে একেলগে দুটি ভাষা লিখাৰ প্রতিভা! নিঃসন্দেহে বিৰলৰ ভিতৰত বিৰলতম। আদি স্বৰূপা নামৰ এই কিশোৰীগৰাকী কর্ণাটকৰ মাঙ্গালোৰৰ বাসিন্দা। বয়স মাত্র ১৬।
এই বয়সতেই তেওঁ এই অসামান্য দক্ষতা অর্জন কৰিছে৷ সংবাদ সংস্থা এএনআইক দিয়া সাক্ষাৎকাৰত কিশোৰীগৰাকীয়ে জনাইছে “মই ইংৰাজী আৰু কানাড়াত একেলগে লিখিব পাৰে। মই অন্যৰ কণ্ঠ নকল (মিমিক্রি) কৰি, গানো গাওঁ৷” সংবাদ মাধ্যমত কিশোৰীগৰাকীৰ মাতৃয়ে জনায়, কঠিন অধ্যৱসায়েৰে তেওঁৰ জীয়াৰীয়ে সেয়া আৰু নিখুঁত কৰি তুলিছে। স্বৰূপাই দুই হাতেৰে এক মিনিটত ৪৫টা শব্দ লিখিব পাৰে। তেওঁৰ এই বিৰল প্রতিভাৰ খবৰ জানিব পাৰি আনন্দত উদ্বেল হৈছে দেশবাসী। সামাজিক মাধ্যমত বৈ গৈছে প্রশংসাৰ বন্যা। কমেন্টত সকলোৱেই সাধুবাদ জনাইছে তেওঁক৷













