
নিউজ ডেস্কঃ
বলিউডত নিচাযুক্ত দ্ৰব্য চক্রৰ সংযোগক লৈ অভিযোগৰ প্রতিবাদত কালি সংসদত ক্ষোভত ফাটি পৰিছিল জয়া বচ্চন। তাকে লৈ সংসদৰ ভিতৰততো বাদেই, ছচিয়েল মিডিয়াতো আক্রমণৰ মুখত পৰে সমাজবাদী পার্টিৰ সাংসদগৰাকী। তাৰ প্ৰভাৱ বহু দূৰলৈ যাব পাৰে বুলি আশঙ্কা কৰি বুধবাৰে আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিলে মুম্বাই আৰক্ষীয়ে। বচ্চন পৰিয়ালৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জুহুত অমিতাভ বচ্চনৰ বাংলা ‘জলচা’ৰ বাহিৰত মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী।













