
নিউজ ডেস্কঃ
এইবাৰ নিচাযুক্ত দ্ৰব্য-চক্র ইছ্যুত জয়া বচ্চনৰ সমর্থনত মুখ খুলিলে অভিনেত্রী হেমামালিনীয়ে। অৱশ্যে ৰাজনৈতিক মতাদর্শৰ দিশৰ পৰা বিপৰীত শিবিৰৰ প্রতিনিধি দুয়োগৰাকী নায়িকা। কিন্তু ইণ্ডাষ্ট্ৰিৰ বিষয়ত ইজনে সিজনক সমর্থন কৰিলে তেওঁলোকে।
বুধবাৰে সর্বভাৰতীয় এটি সংবাদ মাধ্যমত জয়াৰ বক্তব্যৰ পৰিপ্রেক্ষিতত মুখ খোলে ৭১ বছৰীয়া হেমামালিনীয়ে। তেওঁ কয়, ‘‘মই এই ইণ্ডাষ্ট্ৰিৰ পৰা মোৰ নাম, যশ, খ্যাতি, সম্মান…সকলো অর্জন কৰিছো। মই সকলোকে ক’ব বিচাৰো, বলিউড সঁচাই সুন্দৰ । এক সৃজনশীল স্থান। এইটো শিল্প আৰু সংস্কৃতিৰ উদ্যোগ। মোৰ ভীষণ কষ্ট হয় যেতিয়া শুনো মানুহে এই ইণ্ডাষ্ট্ৰিৰ সম্বন্ধে বেয়া বেয়া মন্তব্য কৰিছে। নিচাযুক্ত দ্ৰব্য চক্রক লৈ ইমান কথা কৈছে, কিন্তু পৃথিৱীৰ ক’ত এইটো হোৱা নাই? কিন্তু যদি সঁচাকৈয়ে দাগ লাগি থাকে, সেয়া ধুই-মচি আগুৱাই যাব লাগিব।’’
হেমামালিনীয়ে আৰু কয়, ‘‘ইয়াত কিমান প্রবাদপ্রতিম শিল্পীৰ জন্ম হৈছে । ‘মেটনি আইডল’সকল দর্শকৰ ওচৰত ভগৱান তুল্য। ৰাজ কাপুৰ, দেৱ আনন্দ, ধর্মেন্দ্রজি, অমিতজি… এওঁলোক সকলো এনে ব্যক্তিত্ব, যিসকলে বলিউডক ভাৰতীয়সকলৰ বাবে অন্য মাত্রাত উপনীত কৰাইছিল। মই এইটো সহ্য কৰিব পৰা নাই, যেতিয়া দেখো অন্য কোনোৱে সেই স্থানটুকুৰাৰ উপহাস কৰিছে।’’
ড্রিম গার্লৰ সংয়োজন, ‘‘যদি এনেকুৱা কিবা ইয়াত ঘটিও থাকে, তাৰমানে এইটো নহয় যে ইণ্ডাষ্ট্ৰিৰ সকলোৱেই বেয়া। স্বজন-তোষণৰ স্বার্থত কোনো অভিনেতা-অভিনেত্রীৰ ল’ৰা-ছোৱালী চিনেমালৈ আহিলেই তেওঁলোক ছুপাৰষ্টাৰ হৈ নাযায়। ভাগ্য আৰু প্রতিভাই সকলোতকৈ ডাঙৰ কথা৷”













