
কালাপানীৰ পৰা একেবাৰে উত্তৰাখণ্ডৰ নাইনিতাল আৰু ডেৰাডুনক নিজৰ ভূখণ্ড বুলি দাবী কৰিছে নেপালে৷ তাকে লৈ এইবাৰ নতুন বিতৰ্কৰ সৃষ্টি হৈছে৷ সম্প্ৰতি দেশখনৰ শাসক দল নেপাল কমিউনিষ্ট পাৰ্টি, ইউনিফায়েড নেপাল নেচনেল ফ্ৰণ্টৰ সৈতে যৌথ উদ্যোগত গ্ৰেটাৰ নেপাল প্ৰচাৰ আৰম্ভ হৈছে৷ য’ত ১৮১৬ চনৰ ছুগৌলি চুক্তিৰ আগৰ যি মেপ আছিল তাৰ প্ৰচাৰ কৰা হৈছে৷ এই মেপৰ ছবিত থকা উত্তৰাখণ্ড, হিমাচল প্রদেশ, উত্তৰপ্রদেশ, বিহাৰ আনকি ছিকিমৰ বৃহৎ চহৰ পৰ্যন্ত নিজৰ বুলি দাবী কৰা হৈছে৷ নেপালৰ সাধাৰণ মানুহক ভুল বুজাই ভাৰতৰ বিৰুদ্ধে উচতাই দিছে৷
ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশত বাস কৰা বহু নেপালী যুৱক-যুৱতীক এই প্ৰচাৰৰ সৈতে সাঙুৰি লোৱা হৈছে৷ গ্ৰেটাৰ নেপাল নামৰ এটা ফেচবুক পেজ খোলা হৈছে৷ শাসক দলৰ এটা গোট টুইটাৰত সক্ৰিয় হৈ কাম কৰিছে৷ চাঞ্চল্যকৰ বিষয় যে এই কামত ব্যৱহাৰৰ বাবে খোলা গ্ৰেটাৰ নেপাল ইউটিউব চেনেলত নেপালৰ লগতে পাকিস্তানৰ যুৱক-যুৱতীসকলে ভাৰতৰ বিৰুদ্ধে বিদ্বেষ বঢ়াবলৈ কামত লগোৱা হৈছে৷ পাকিস্তানৰ যুৱক-যুৱতীক ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ সময়ত নিজৰ ছবিৰ সলনি পাৰভেজ মুছাৰফ, নাৱাজ ছৰিফ আৰু পাকিস্তানৰ পতাকাৰ ছবি ব্যৱহাৰ কৰিছে৷
এই প্ৰসংগত ভাৰত আৰু নেপাল সম্পৰ্কৰ বিশেষজ্ঞ যশোদা শ্ৰীবাস্তৱে জনায়, কমিউনিষ্ট পাৰ্টি নেপালৰ ক্ষমতালৈ অহাৰ পাচত গ্ৰেটাৰ নেপাললৈ কাম আৰম্ভ হৈছে৷ ২০১৯ চনৰ ৮ এপ্ৰিলত ৰাষ্ট্ৰসংঘত এই বিষয়ে দাবী কৰিছিল কাঠমাণ্ডুৱে৷ কিন্তু চীনৰ সৈতে বিবাদ আৰম্ভ হোৱাৰ পাচৰ পৰা গ্ৰেটাৰ নেপাল কাৰ্যসূচী বৃদ্ধি পাইছে৷













