
ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হ’ল বিজেপিৰ কৰ্ণাটকৰ পৰা ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত অশোক গাস্তিৰ৷ বৃহস্পতিবাৰে বেংগালুৰুৰ মণিপাল হাস্পতালত তেওঁ শেষ নিঃশ্বাস ত্যগ কৰে৷ বিশিষ্ট অধিবক্তা অশোক গাস্তি যোৱা ২ ছেপ্টেম্বৰত ক’ভিড-১৯ত আক্ৰান্ত হয়৷ ইয়াৰ পাচত তেওঁক উক্ত চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ উত্তৰ কৰ্ণাটকৰ ৰাইচুৰৰ বাসিন্দা ৫৫ বছৰীয়া অশোক গাস্তি এইবাৰ প্ৰথম সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷
ইয়াৰ আগতে তেওঁ বিজেপিৰ বুট স্তৰৰ কৰ্মী আছিল ৷ ৰাইচুৰত তেওঁ বিজেপিক সংঘটিত কৰি দলৰ শক্তি বৃদ্ধিৰ যোগ্যতাৰ স্বীকৃতি হিচাপে গাস্তিক বিজেপিয়ে ৰাজ্যসভালৈ মনোনীত কৰিছিল ৷ মাত্ৰ কেইটামান মাহৰ আগতে তেওঁ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷ যোৱা ২২ জুলাইত তেওঁ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল ৷













