পুনৰ বিতৰ্কত সোমাই পৰিল মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প ৷ এইবাৰ ট্রাম্পৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰিলে প্ৰাক্তন মডেল আমী ডৰিছে ৷ মডেলগৰাকীৰ অভিযোগ, ১৯৯৭ চনত তেওঁ যৌন আতিশয্য কৰে ট্রাম্পে৷ এই কেলেংকাৰীত নাম জড়িত হৈ পৰাত অস্বস্তিত পৰে ৰিপাব্লিকান শিবিৰ ৷ মডেলগৰাকীয়ে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ট্রাম্পক ‘অসুস্থ’ আৰু হিংস্র’ বুলি কটাক্ষ কৰে ৷
তেওঁ জনায়, ২৪ বছৰৰ আগতে যৌন আতিশয্য চলাইছিল ট্রাম্পে৷ তেওঁ কয়, ১৯৯৭ চনৰ ৫ ছেপ্টেম্বৰত ইউএছ টেনিছৰ চলা সময়ত ভিআইপি বক্সৰ বাথৰুমৰ ওচৰত মোক জোৰ কৰি ধৰে ট্রাম্পে ৷ ইয়াৰ পাচত মোক চুমা খাবলৈ চেষ্টা কৰে৷ মোৰ গোপন অংগত চুইছিল ট্রাম্পে৷ শতবাৰ চেষ্টা কৰিও এৰাই আহিব পৰা নাছিলো৷ আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে ট্রাম্পে৷ উল্লেখ্য যে ইয়াৰ আগতেও ট্রাম্পৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ কৰিছিল বিভিন্ন পৰ্ণ ষ্টাৰ আৰু মডেলে ৷