নিউজ ডেস্কঃ
কৰোনা সঙ্কটৰ মাজতো যোৱা ছয় মাহত দেশত ১৫জন নতুন বিলিঅনিয়াৰ (এশ কোটিৰ সম্পত্তিৰ গৰাকী) সৃষ্টি হৈছে। ‘ফোর্বছ’ৰ ‘ৰিয়েল টাইম বিলিঅনিয়াৰ’ তালিকাত নাম আছে মুঠ ১১৭জন ভাৰতীয়ৰ। মার্চ মাহত আছিল ১০২জন। অর্থাৎ নতুনকৈ এশ কোটিৰ সম্পত্তিৰ গৰাকী হ’ল ১৫জন। এই ১১৭জন ভাৰতীয়ৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০ হাজাৰ কোটি ডলাৰ।
উল্লেখ্য যে বিশ্বৰ এশ কোটিৰ তালিকাত ভাৰতৰ মুকেশ আম্বানী ৬ নম্বৰত আৰু এছিয়াৰ ভিতৰত শীৰ্ষতম ধনী ৰিলায়েন্সৰ কর্ণধাৰগৰাকী। ১৮ ছেপ্টেম্বৰৰ হিচাব মতে, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮,৮২০ কোটি। এই তালিকাত থকা দ্বিতীয়গৰাকী ভাৰতীয় হৈছে এইচচিএল টেকন’লজিছৰ প্রতিষ্ঠাতা শিৱ নাডাৰ। তেওঁ ২,০৬০ কোটি টকাৰ সম্পত্তিৰে বিশ্বৰ ৬৪ নম্বৰত। ইয়াৰ পিছত আছে ক্রমে আদানি গ্রুপৰ কর্ণধাৰ গৌতম আদানি, কোটাক মহিন্দ্রা গ্রুপৰ কর্ণধাৰ উদয় কোটাক, ডিমার্টৰ কর্ণধাৰ ৰাধাকৃষ্ণ ডামানি আৰু তেওঁৰ পৰিয়াল, চিৰাম ইনষ্টিটিউটৰ কর্ণধাৰ ছাইপ্রাছ পুণাৱালাৰ দৰে ব্যৱসায়ীসকল।
আনহাতে, এই তালিকাৰ একেবাৰে তলত থকা ভাৰতীয় ৱেলস্পান গ্রুপৰ অধ্যক্ষ বালকৃষ্ণ গোৱেঙ্কাৰ সম্পত্তি ১৮ ছেপ্টেম্বৰত ১০০ কোটি ডলাৰ চুইছেগৈ। তাৰ ওপৰত আছে ক্রমান্বয়ে ৰাধেশ্যাম আগৰৱালা, ৰাধেশ্যাম গোৱেংকা, বিনি বানছাল, মূৰলীধৰ বিমল কুমাৰ জ্ঞানচন্দানি। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ১০১ কোটি ডলাৰৰ ওচৰে-পাজৰে।