কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হৈছে ৮৬ হাজাৰ ৫০৮ জন। ইয়াৰ ফলত দেশত এতিয়ালৈ মুঠ আক্রান্ত হৈছে ৫৭ লাখ ৩২ হাজাৰ ৫১৮ জন। বিশ্বৰ আক্রান্তৰ তালিকাত প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৬৯ লাখ ৩৩ হাজাৰ আৰু তৃতীয় স্থানত থকা ব্রাজিলত ৪৫ লাখ ৯১ হাজাৰ।
আনহাতে, এই পর্যন্ত দেশত মুঠ ৪৬ লাখ ৭৪ হাজাৰ ৯৮৭ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। দেশৰ মুঠ আক্রান্তৰ ৮১.৫৫ শতাংশই সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৮৭ হাজাৰ ৩৭৪ জন। বৰ্তমান ভাৰতত সত্ৰিয় ৰোগী আছে ৯ লাখ ৬৬ হাজাৰ ৩৮২ জন।
ইফালে আজি কিছু হ্ৰাস পাই দেশত সংক্ৰমণ হাৰ হৈছে ৭.৪৮ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত পৰীক্ষা হৈছে ১১ লাখ ৫৬ হাজাৰ ৫৬৯ জনৰ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ১২৯ জনৰ। ইয়াকে লৈ দেশত মুঠ ৯১ হাজাৰ ১৪৯ জনৰ প্রাণ কাঢ়িলে কৰোনাই৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্রত ৩৩ হাজাৰ ৮৮৬ জন, তামিলনাডুত ৯ হাজাৰ পাৰ হৈছে। তৃতীয় স্থানত থকা কর্নাটকত এই সংখ্যা ৮ হাজাৰ অতিক্ৰম কৰিছে।
আক্রান্তৰ তালিকাত দেশৰ ভিতৰত শীর্ষত থকা মহাৰাষ্ট্রত দেশৰ মুঠ আক্রান্তৰ ২০ শতাংশৰো বেছি। এতিয়ালৈ ১২ লাখ ৬৩ হাজাৰজন আক্রান্ত হৈছে মহাৰাষ্ট্রত। ৬ লাখ ৪৬ হাজাৰ আক্রান্তৰে দ্বিতীয় স্থানত অন্ধ্রপ্রদেশ। তামিলনাডু আৰু কর্নাটকত মুঠ আক্রান্ত যথাক্রমে ৫ লাখ ৫৭ হাজাৰ আৰু ৫ লাখ ৪০ হাজাৰ।













