ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সহশ্রজনক কন্দুৱাই থৈ স্বনামধন্য শিল্পী, গীতিকাৰ, কবি, সাহিত্যিক জয়ৰাম তিচ্ছ অচিন দেশলৈ গুছি গ’লঃ

ASSAM TIMES POST by ASSAM TIMES POST
September 27, 2020
Reading Time: 1 min read
A A
0
সহশ্রজনক কন্দুৱাই থৈ স্বনামধন্য শিল্পী, গীতিকাৰ, কবি, সাহিত্যিক জয়ৰাম তিচ্ছ অচিন দেশলৈ গুছি গ’লঃ

logo new 2 1 1 1 | ASSAM TIMES POST
জয়ছিং টকবি:

RELATED POSTS

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

কাৰবি আংলং আৰু অসমৰ সাংস্কৃতিক জগত উকা কৰি থৈ যশস্বী কন্ঠশিল্পী, গীতিকাৰ-সুৰকাৰ, কবি- সাহিত্যিক জয়ৰাম তিচ্ছ কালি বিয়লি ২.৪৫ বজাত পৰলোক প্রাপ্তি ঘটে।

কাৰবি ছাত্ৰ সন্থা, কাৰবি লাম্মেত আমেই, কাৰবি যুৱ মহোৎসৱ, কাৰবি কালচাৰেল চচাইটি আদি কাৰবি জাতীয় সংগঠনৰ একনিষ্ঠ কর্মী স্বনামধন্য শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি-সাহিত্যিক জয়ৰাম তিচ্ছক গুৱাহাটী জুৰোডস্থিত মিটলেণ্ড হাস্পতালত যোৱা ১৬ চেপ্তেম্বৰত আই চি ইউত ভর্তি কৰা হৈছিল।

যকৃতৰ জটিল কেঞ্চাৰ ৰোগত আক্ৰান্ত শিল্পী গৰাকীক আই চি ইউত প্রয়োজনীয় সকলো ধৰণৰ চিকিৎসা আগবঢ়োৱাৰ পাছতো আশু আৰোগ্য লাভ নকৰাৰ ফলত ২৩ চেপ্তেম্বৰৰ দিনা ডিফুৰ ৰংমনজিৰস্থিত তেওঁৰ বাসভৱনলৈ ঘূৰাই লৈ অহা হয়। কিন্তু কালি বিয়লি ২.৪৫ বজাত কাৰবি আংলঙৰ মানুহৰ আৰু মাটিৰ শিল্পী গৰাকীয়ে সহশ্রজনক কন্দুৱাই থৈ অচিন দেশলৈ গুছি যায়।

এগৰাকী অত্যন্ত প্রতিভাৱান শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি, গল্পকাৰ, সাহিত্যিক আৰু প্ৰাক্তন কৃতি খেলুৱৈ জয়ৰাম তিচ্ছই ৰচনা কৰা আৰু সুৰাৰোপ কৰা গীতত কাৰবি আংলঙৰ বহু কেইগৰাকী স্বনামধন্য কণ্ঠশিল্পীৰ ওপৰিও যুৱ হার্টথ্রব জুবিন গাৰ্গ আৰু বিশিষ্ট শিল্পী শান্তা উজীৰ আদি বহু কেইগৰাকী শিল্পীয়ে শ্ৰাব্য কেছেট, চি ডি, ভিডিঅ এলবাম আৰু কথাছবিত কন্ঠ নিগৰাইছে। কাৰবি কথাছবি “বচে কাংথিম”ত যুৱ হার্টথ্রব জুবিন গাৰ্গ আৰু বিশিষ্ট

কন্ঠশিল্পী শান্তা উজীৰে দ্বৈত কন্ঠত গোৱা-

“আর্নিছিলে আর্নিছি কে
নাংচেল’ দুন নাংজি
নাং নেলংছি
ছেং চেখাং উনএছি

নাংচেল’ দুন নাংজি” গীতটোৱে ৰাতিটোৰ ভিতৰতে কাৰবি আংলঙৰ প্ৰতিটো ঘৰে ঘৰে জুবিন গাৰ্গ আৰু শান্তা উজীৰ বাইদেউক বুকুৰ আপোন শিল্পী কৰি তুলিছিল। এতিয়াও অল টাইম হিট গানৰ তালিকাত আছে এই জনপ্ৰিয় গীতটো। কাৰবি আংলঙৰ মানুহ আৰু কেঁচা মাটিৰ গোন্ধেৰে জীপাল জয়ৰাম তিচ্ছই লিখা আৰু সুৰাৰোপ কৰা গীতত কাৰবি সমাজৰ কোকিলকণ্ঠী গায়িকা, স্বভাৱশিল্পী অমূল্য কাকতী বটা প্ৰাপক শিল্পী পখিলা লেকথেপী, জনপ্ৰিয় শিল্পী ছেমছন ইংতি, বাৰী ৰংফাৰপী, কাজেক বেপী, মইনা কাথাৰপী, বিদ্যাছিং ৰংপি, সত্যেশ্বৰ ৰংহাং, প্রতিমা ৰংপিপী, দেউৰী ৰংপি, উদীয়মান শিল্পী প্রসেনজিত ফাংচ’ আদি কৰি বহু শিল্পীয়ে ইতিমধ্যে কন্ঠ নিগৰাইছে।

“অ মোৰ দেশৰে মানুহ
অ মোৰ মাটিৰে মানুহ
শুনিছানে হে ৰাইজ

সময়ৰে আহ্বান” নামৰ অতিকে জনপ্ৰিয় সমৱেত সংগীতৰ স্ৰষ্টা জয়ৰাম তিচ্ছই কাৰবি ভাষাৰ লগতে অসমীয়া ভাষাতো সমান্তৰালকৈ গীত, কবিতা আৰু গল্পৰ চৰ্চা কৰি গৈছিল।
বহমূখীু প্রতিভাৰ এই গৰাকী গুণী শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি সাহিত্যিকৰ অকাল মৃত্যুত কাৰবি ভাষা সাহিত্যৰ ওপৰিও অসমীয়া ভাষা-সাহিত্য আৰু অসমৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি হ’ল।

শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি-সাহিত্যিক জয়ৰাম তিচ্ছৰ কায়্যিকভাৱে মৃত্যু হ’লেও তেওঁ সৃষ্টি কৰি থৈ যোৱা অসংখ্য শ্ৰুতিমধুৰ জনপ্ৰিয় গীত, সূৰ, কবিতা, গল্প সমূহে তেওঁক আমাৰ মাজত সদায় জীয়াই ৰাখিব।
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো, ককাই জয়ৰাম তিচ্ছ তই ‘চম ৰংমে চম ৰংছ” (ম্বর্গধাম) ত অনন্ত সুখেৰে থাক, শান্তিৰে থাক।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
ADVERTISEMENT
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
50
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল
National-International

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026
50
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

August 6, 2026
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx