
অজন্তা তালুকদাৰ,
বোকাখাতঃ আজি বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সংস্থাৰ বোকাখাতস্থ নিজা কাৰ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। সম্পূৰ্ণ কভিড প্ৰটকল মানি অনুষ্ঠিত সভাৰ আৰম্ভণিতে কভিড সংক্ৰমণ, দুৰ্ঘটনা আদিত সাম্প্ৰতিক সময়ত মৃত্যু ঘটা বোকাখাতৰ বিশিষ্ট ব্যক্তি সকলৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰা হয়।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক নীলু আচাৰ্যই কয় যে মহকুমা সাংবাদিক সংস্থাৰ সাংগঠনিক দিশ আৰু মহকুমা সাংবাদিক সংস্থাৰ অধীনৰ আঞ্চলিক সমূহৰ পুনৰ গঠন আৰু নতুন সদস্য ভৰ্তিৰ বাবে এই সভাৰ আহ্বান কৰা হয়। সভাত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথে মহকুমা সাংবাদিক সংস্থাৰ বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল উকলি যোৱাত নতুন সমিতি গঠনৰ পোষকতা কৰে। বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ যিসকল সদস্যই অলপতে সংস্থাৰ নীতি আদৰ্শৰ বিৰুদ্ধে গৈ অনুৰূপ আন সাংবাদিক সংস্থাৰ সদস্য পদ তথা বিষয়-বাব গ্ৰহণ কৰিছে, আজিৰ সভাই সৰ্বসন্মতিক্ৰমে সেইসকল সাংবাদিকক মহকুমা সাংবাদিক সংস্থাৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে চলিত বৰ্ষৰ অহা ডিচেম্বৰ মাহৰ ভিতৰত মহকুমাৰ অধীনৰ সকলো আঞ্চলিকৰ পূৰ্ণ পৰ্যায়ৰ সমিতি গঠনৰ সিদ্ধান্ত আৰু অহা ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মহকুমা সাংবাদিক সংস্থাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত অধিবেশনতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি, বিশিষ্ট নাট্যকৰ্মী, সমাজকৰ্মী জিতু শৰ্মা ৰাজখোৱাৰ জীৱন আৰু কৰ্মভিত্তিক এখনি অভিনন্দন গ্ৰন্থ মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত প্ৰকাশ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আৰু মূখ্যতঃ বোকাখাত মহকুমাক জিলালৈ উন্নীতকৰণৰ দাবী, সতী সাধনী বিশ্ববিদ্যালয় বোকাখাতত স্থাপন সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান আদি সিদ্ধান্ত সমূহ সভাত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। সভাত মহকুমা সাংবাদিক সংস্থাৰ সাংগঠনিক দিশসমূহ শক্তিশালী কৰি সংস্থাটোক অধিক সক্ৰিয় কৰি তোলাৰ পৰামৰ্শৰে ক্ৰমে জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, নীলপদ্ম শৰ্মা, দেৱাশীষ বৰুৱা, অমৰ শৰ্মা, ৰঞ্জিত ৰজক, পৱন কামান আদিয়ে বক্তব্য প্ৰদান কৰে। আজিৰ সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰীৰ লগতে মহকুমা সাংবাদিক সংস্থা আৰু সংস্থাৰ অধীনৰ কেউটি আঞ্চলিক শাখাৰ সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকে।













