
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱাক লৈ ইতিমধ্যে তীব্ৰ চৰ্চা তথা জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ইৰাণৰ সৰ্বোচ্চ নেতা তথা ধৰ্মীয় গুৰু আয়াতুল্লা আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া (Khamenei Funeral) তথা ৰাষ্ট্ৰীয় বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে প্ৰধামন্ত্ৰী মোদীক আমন্ত্ৰণ জনাইছিল। ইয়াৰ পিছতে দেশত চৰ্চা আৰম্ভ হৈছিল যে বৰ্তমানৰ বিশ্ব পৰিস্থিতিত মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নে তেওঁৰ প্ৰতিনিধি হিচাপে আন কাৰোবাক প্ৰেৰণ কৰিব।
অৱশেষত সেই জল্পনা-কল্পনাৰ অন্ত পৰিছে। খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় প্ৰতিনিধিৰ নাম ঘোষণা কৰিছে ভাৰত চৰকাৰে। এই অনুষ্ঠানত অসমৰ ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আটা হাছনাইনে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত ইজৰাইল-আমেৰিকাৰ যৌথ আক্ৰমণত নিহত হৈছিল ইৰাণৰ সৰ্বোচ্চ নেতা খামেইনীৰ। এই আক্ৰমণৰ প্ৰথমদিনাই ৩৬ বছৰ ধৰি ইছলামিক দেশখনৰ নেতৃত্ব প্ৰদান কৰি অহা ৮৬ বছৰীয়া খামেইনীৰ মৃত্যু হৈছিল। কিন্তু তেওঁ শেষকৃত্য এতিয়াও সম্পন্ন কৰা হোৱা নাই। ইফালে তেওঁৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, মতে, কেইবাদিনো ধৰি অনুষ্ঠিত হ’বলগীয়া এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান অহা ৪ জুলাইৰ পৰা আৰম্ভ হোৱাৰ কথা আছে। আনহাতে, ৭ জুলাইত তেহৰাণৰ দক্ষিণৰ পৱিত্ৰ চহৰ ক’মত তেওঁৰ পৱিত্ৰ ৰীতি-নীতি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত ৯ জুলাইত গৃহ চহৰ মাছহাদত সমাধিস্থ কৰা হ’ব বুলি জানিব পৰা গৈছে। এই অনুষ্ঠানত তিনিখন চহৰতে ২ কোটিৰো অধিক শোকসন্তপ্ত ইৰাণিয়ানে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আনহাতে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফকে ধৰি আন বহুতো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।











