
সেনাই পদাতিক বাহিনী (Army infantry), টেংক, আৰ্টিলাৰী বাহিনীক এটা ছাতিৰ তললৈ আনি কেইবাটাও সৰু সৰু স্বয়ংসম্পূৰ্ণ ইউনিট (Small self-contained units) সৃষ্টি কৰিবলৈ ওলাইছে। সামৰিক ভাষাত ইয়াক ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’ (IBG) বুলি কোৱা হয়। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’ৰ কাম জুলাই মাহৰ পৰাই আৰম্ভ হ’ব। সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, মুঠ পাঁচটা এনে গোট গঠন কৰা হৈছে।
‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’ সেনাবাহিনীৰ ১৭ নং ক’ৰ্পছৰ অধীনত কাম কৰিব। এই ক’ৰ্পছৰ মূল ঘাটি পশ্চিম বুৰ্ডৱানৰ পানাগড়ত। এই ক’ৰ্পছে মূলতঃ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ (এল এ চি) কাষেৰে চীনৰ আগ্ৰাসন প্ৰতিহত কৰাৰ বাবে কাম কৰে।

প্ৰথম অৱস্থাত জানিব পৰা গৈছিল যে ছেপ্টেম্বৰ মাহত সেনাৰ ১৭ নং ক’ৰ্পছৰ অধীনত চাৰিটা ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’ আৰু এটা আৰ্টিলাৰী বাহিনী গঠন কৰাৰ পৰিকল্পনা কৰা হৈছিল। অৱশ্যে তাৰ বহু পূৰ্বেই এই পৰিকল্পনা জুলাই মাহত কাৰ্যকৰী হ’বলৈ গৈ আছে। এই পাঁচটা ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’ৰ নেতৃত্ব দিব মেজৰ জেনেৰেল পদবীৰ এজন সেনা বিষয়াই। প্ৰতিটো ইউনিটত থাকিব ৫০০০ জোৱান। এই ‘সংহত যুদ্ধ গোট’সমূহত অভিযন্তাসকলো উপস্থিত থাকিব।
সেনাৰ আন্তঃগাঁথনি আৰু গাঁথনিত পৰিকল্পিত আমূল সংস্কাৰৰ এয়া অংশ বুলি অনুমান কৰা হৈছে। প্ৰাক্তন সেনাপ্ৰধান বিপিন ৰাৱটে এসময়ত আইবিজিৰ দৰে তুলনামূলকভাৱে স্বতন্ত্ৰ, ক্ষুদ্ৰ কিন্তু দ্ৰুত ক্ৰিয়াশীল সামৰিক বাহিনী গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছত এই বিষয়ত বিগত ৭ বছৰ ধৰি আলোচনা চলে। ইয়াৰ পিছত বিষয়টোৱে সেউজ সংকেত পাইছে বুলি ধাৰণা কৰা হৈছে। প্ৰথম অৱস্থাত জনা গৈছে যে ইণ্টিগ্ৰেটেড বেটল গ্ৰুপে যিকোনো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সেনাতকৈ আগতো পাহাৰীয়া অঞ্চলত উপস্থিত হ’ব পাৰিব। এই শক্তি প্রয়োজনত আক্রমণৰ লগতে প্রতিৰক্ষাৰ বাবেও ব্যৱহাৰ কৰিব পাৰি৷ কেইবছৰমানৰ আগতে চীনেও প্ৰায় একে পদ্ধতিৰে নিজৰ সেনাবাহিনীক কেইবাটাও সৰু সৰু ইউনিটত ভাগ কৰিছিল।












