ষ্টাফ ৰিপ’ৰ্টাৰ:
কে পি মেমৰিয়েলৰ স্বত্বাধিকাৰী তথা চিকিৎসকৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ। বিশ্বনাথৰ ফলফলি শ্মশানত উদ্ধাৰ হোৱা এটা মৃতদেহক লৈ খলকনিৰ সৃষ্টি হৈছে সচেতন মহলত।
বিশ্বনাথৰ পেটুলিবাৰী নামে ঠাইৰ নিবাসী ভোলা দাসৰ পত্নী দিবজ্যোতি যাদৱক প্ৰসৱজনিত কাৰণত উক্ত হাস্পাতাল খনত ভৰ্তি কৰোৱা হৈছিল যদিও ডাঃ অমল শইকীয়াৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত যাদৱৰ পত্নীয়ে এটি মৃত সন্তান জন্ম দিয়া বুলি জানিবলৈ দিয়ে চিকিৎসক গৰাকীয়ে।
ইয়াৰ পিছতে সন্তানৰ অভিভাৱকৰ সৈতে যুক্তিতৰ্কত মিলিত হয় চিকিৎসালয় খনৰ স্বত্বাধিকাৰী-চিকিৎসক; গাত গৰম পানী পৰাৰ বাবেই কেঁচুৱাটিৰ মৃত্যু হোৱা বুলি কোৱাৰ লগতে গোপনীয় ভাৱে সন্তানটিক পুঁতি থোৱা বুলিও পিতৃ মাতৃয়ে।
এই সন্দৰ্ভতে ফলফলিৰ শ্মশানৰ পৰা বিশ্বনাথ আৰক্ষীয়ে জিলা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিয়াই আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
আনফালে কে পি মেমৰিয়েলৰ চিকিৎসক ডঃ অমল শইকীয়াই ভুক্তভোগী পৰিয়ালৰ সম্পূৰ্ণ অভিযোগ নসাৎ কৰি কয় যে, নৱজাতকটি মাকৰ পেটতে মৃত অৱস্থাত আছিল আৰু নৱজাতকটি মাকৰ পেটত থকা অৱস্থাত ডিঙিত নাভি পাক খাই থকাৰ উপৰি মাতৃৰ পেটত থাকিব লগীয়া পানীৰ পৰিমাণ কম থকাৰ বাবে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল। বৰ্তমানলৈ কোন কিমান দূৰ সঁচা অথবা মিছা তাৰ সত্যাসত্যতা সমুখলৈ অহা নাই।













