ষ্টাফ ৰিপ’ৰ্টাৰ:
১৩ আৰু ১৪ অক্টোবৰত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হ’বলগা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰাকমুহূৰ্তত আজি আবেলি বড়োলেণ্ড ট্ৰান্সপৰ্ট ষ্টেচনত আজি আবেলি অনুষ্ঠিত এখন বিশেষ জিলা কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কোকৰাঝাৰ জিলাৰ কাৰ্যকৰ্তাসকলক বিটিআৰৰ পৰিষদীয় নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।
মুখ্য অতিথি হিচাপে উক্ত সভাত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে অসমৰ আটাইতকৈ প্ৰত্যাহ্বানজনক জিলা কোকৰাঝাৰত সংগঠনৰ কামত ব্ৰতী হৈ থকা কাৰ্যকৰ্তাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি কয়,”বিজেপিক শাসনৰ কাৰণেই ক্ষমতা নালাগে, দেশ নিৰ্মাণ, জাতি নিৰ্মাণৰ কাৰণে আমাক ক্ষমতা লাগে।”
কোকৰাঝাৰ অঞ্চলত বিজেপিৰ ১০০% বুথ সমিতি গঠন শুভলক্ষণ বুলি উনুকিয়াই তেখেতে কয় যে দিন গৈ থকাৰ লগে-লগে ভাজপাৰ সংগঠন সুদৃঢ় হৈছে। নিজৰ ভাষণত সভাপতিগৰাকীয়ে কয় যে এটা সময়ত মিত্ৰ দলে বুথ সংগঠন কৰিবলৈ দিয়া নাছিল; যদিও বিজেপিৰ সংগঠনে মিত্ৰ দলকে সহায় কৰিছে।
উদাহৰণ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ নিৰ্বাচন। ইউপিপিএলৰ ৭০০গৰাকী সদস্যৰ যোগদান আগন্তুক এই ক্ষেত্ৰত সহায়ক হ’ব বুলি কৈ ৰঞ্জিত দাসে কয় যে কোকৰাঝাৰৰ ৫,৪০,০০০ কাৰ্যকৰ্তাৰ প্ৰতি সন্মান জনাই, পৰিষদীয় নিৰ্বাচনত কোকৰাঝাৰত ৬জন প্ৰক্ষেপ কৰা হ’ব।
কাৰ্বি স্বায়ত্ব পৰিষদৰ ২৬ খনৰ২২খন আসনত জয় লাভ, ডিমা হাচাওৰ ২৮খনৰ ২৬খন, ধেমাজি বিধানসভাৰ উপ নিৰ্বাচন, অগ্নিকুণ্ড পৰিৱেশৰ মাজত পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচনৰ জয়লাভেৰে বিজেপিৰ ধাৰাবাহিক জয়যাত্ৰা বিটিআৰৰ পৰিষদীয় নিৰ্বাচনতো অব্যাহত থাকিব বুলি তেখেতে দৃঢ়তা প্ৰকাশ কৰিছে।
নগাঁও লোকসভা সমষ্টিতো পূৰ্বতকৈ ২,০০,০০০ ভোট বৃদ্ধি হোৱা, সোণাৰি-ৰঙাপাৰা উপ-নিৰ্বাচনত জয়লাভৰ বিষয়ে তেখেতে আঙুলিয়াই দিয়ে। কোকৰাঝাৰত ছখন আসন জয় হোৱাৰ পণ লৈ বৈষম্যহীন পৰিষদ গঠনৰ বাবে বিটিআৰৰ নিৰ্বাচনত বিজেপিক সহায় কৰিবলৈ কোকৰাঝাৰ, চিৰাং, বাক্সাবাসী ৰাইজলৈ তেখেতে আহ্বান জনায়।
ভাজপা, অসম প্ৰদেশৰ সভাপতিৰ প্ৰচাৰ সচিব প্ৰণৱ শইকীয়াই কোকৰাঝাৰৰ পৰা প্ৰেৰণ কৰা এই বিবৃতিত আৰু উল্লেখ থাকে যে সভাপতিগৰাকীয়ে বিটিচি নিৰ্বাচনেই নহয়, বিধানসভা নিৰ্বাচনৰ বাবে কাৰ্যকৰ্তাসকলক প্ৰস্তুত হ’বলৈ আহ্বান জনাই কয় যে সংশ্লিষ্ট
১২খন বিধানসভা আসনৰ কমেও পাঁচখন আসন বিজেপিয়ে দখল কৰিব।
নিজৰ ভাষণৰ আৰম্ভণিতে সভাপতিগৰাকীয়ে প্ৰয়াত ৰাজমাতা বিজয় ৰাজে সিন্ধীয়াৰ আজিৰ জয়ন্তীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে। আজিৰ সভাত ভাজপা, অসম প্ৰদেশৰসাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি-সাধাৰণ সম্পাদক প্ৰমুখ্যে জিলা ভাজপাৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।













