ষ্টাফ ৰিপ’ৰ্টাৰ:
ষ্টেট বেংক অফ্ ইণ্ডিয়াই অলপতে এটা ডাঙৰ খবৰ ঘোষণা কৰে ৷ এই ঘোষণা অনুসৰি পূৰ্বতে কেৱল ক্ৰেডিট কাৰ্ডৰ যোগেদিহে উপলব্ধ হোৱা মাহেকীয়া ঋণৰ কিস্তি ডেবিট কাৰ্ডৰ যোগেদি কৰিব পাৰিব ৷
পিছে কেৱল অন্লাইন বজাৰৰ ক্ৰেতা-বিক্ৰেতাৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে ৷ অৱশ্যে ডেবিট কাৰ্ডৰ যোগেদি বিল পৰিশোধ কৰাৰ ব্যৱস্থা থকা দোকান সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই সুবিধা ৷গ্ৰাহকে সামগ্ৰী ক্ৰয়ৰ সময়তে মাহিলী কিস্তিৰ সুবিধা কৰি দিয়া হ’ব ৷
এই সুবিধা উপলব্ধ নহ’ব ৮০০০টকাতকৈ কম মূল্যৰ সামগ্ৰী ক্ৰয় কৰা সকলৰ বাবে ৷













