বিভাস দুৱৰা:
ডিব্ৰুগড় : মহামাৰী ক’ৰোনা ভাইৰাছৰ ক’ভিড-১৯য়ে ভয়াবহ ৰূপ ধাৰণ কৰা সময়ত প্লাজমা দানেৰে জীৱন দিয়া প্লাজমা হি’ৰ সকলক উৎসাহিত কৰাৰ বাবে তথা প্লাজমা দানৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু মাৰোৱাৰী নাট্য সমিতিয়ে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত প্লাজমা দান কৰা সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
প্লাজমা দাতা সকললৈ সম্বৰ্ধনা জনোৱা লগতে পাঁচ হাজাৰ টকাৰ চেক প্ৰদান কৰি উৎসাহিত কৰাৰ বাবে যোৱা ১০ ছেপ্টেম্বৰ পৰা এক আচঁনিৰ শুভাৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভাৰম্ভ কৰা উক্ত আচনিৰ জৰিয়তে প্ৰেছ ক্লাবে আৰু নাট্য সমিতিয়ে মুঠ এশ জন ব্যক্তিলৈ এই সম্বৰ্ধনা তথা সাহাৰ্য আগবঢ়োৱা হব বুলি ঘোষণা কৰিছিল যদিও আজি সামৰণি পৰা উক্ত আচনিত মুঠ ১২১ জনলৈ প্ৰদান কৰা হয়।
আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ প্লাজমা বেংকত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুঠ ২৩ প্লাজমা হিʼৰোক সম্বৰ্ধনা আৰু চেক প্ৰদান কৰি উক্ত আচঁনিৰ সমাপ্তি ঘোষণা কৰা হয়। এই উপলক্ষে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰে আতঁ ধৰা এক অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক লেখক শৰৎ চন্দ্ৰ নেওগ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ডিব্ৰুগড় ইলেকট্ৰনিক মিডিয়া ফৰামৰ সম্পাদক সুৰজ দত্ত, জ্যেষ্ঠ সাংবাদিক পৰেশ আইন্দ, অৰুণ জৈন, প্লাজমা বেংকৰ বিষয়া ড° বিকাশ সিং, অজিত বাজাজ, মাৰোৱাৰী নাট্য সমিতিৰ বিষয়-ববীয়া, জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক সন্তোষ যাদৱ, নৱাব তাহেৰ হুছেইনে উপস্থিত থাকি প্লাজমা দাতা সকলক প্ৰশস্তি পত্ৰ আৰু চেক সমূহ বিতৰণ কৰে।
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক শৰৎ নেওগে প্ৰেছ ক্লাব আৰু মাৰোৱাৰী নাট্য সমিতিয়ে মহামাৰী সময়ত প্লাজমা দানৰ বাবে উৎসাহিত কৰাৰ বাবে কৰা এনে মহৎ কাৰ্যৰ শলাগ লয়।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে বৰ্তমানে জিলাখনত ১৩,৩৭৩ জন আক্ৰান্ত হোৱা লগতে ১৭৭ জন ইতিমধ্যেই মৃত্যু হোৱা বিষয় উৎথাপন কৰি প্লাজমা দানৰ বাবে আক্ৰান্ত হৈ যোৱা সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু মাৰোৱাৰী নাট্য সমিতিয়ে জিলাখনত প্লাজমা দানৰ বাবে গ্ৰহণ কৰা এনে আচঁনিৰ শলাগ লৈ ইয়াৰ জৰিয়তে প্লাজমা দানৰ এক আন্দোলন গঢ়ি তোলা বুলি তেওঁ কয়। উল্লেখযোগ্য যে, প্লাজমা দাতা সকলৰ ভিতৰত ডিব্ৰুগড়ৰ তিনিজন সাংবাদিকো আছে। জ্যেষ্ঠ সাংবাদিক সুৰজ দত্তই আজি প্লাজমা দান কৰি প্ৰেছ ক্লাবৰ সম্বৰ্ধনা আৰু চেক গ্ৰহণ কৰি প্ৰেছ ক্লাব আৰু মাৰোৱাৰী নাট্য সমিতিৰ বিষয় ববীয়া সকলৰ প্ৰচেষ্টাৰ শলাগ লৈ ক’ৰোনাত আক্ৰান্ত হৈ জীৱন মৰণৰ সৈতে যুজি থকা সকলক প্লাজমা দানৰ জৰিয়তে জীৱন দিবলৈ সকলোকে আহ্বান জনায়।
ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰে উক্ত প্ৰচেষ্টা বাস্তবায়িত কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰসাশনৰ লগতে আৰ্থিক ভাৱে, ব্যক্তিগত ভাৱে সহযোগ কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, সামাজিক সংস্থা, ব্যক্তিক প্ৰেছ ক্লাবৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।













