নিউজ ডেক্স:
মহি চন্দ্ৰ মিৰি আছিল অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক । ১৯০২চনত জন্ম গ্ৰহণ কৰা অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ব্যক্তিজনেই সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল।
আমি চিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙিয়া গঁড়ৰ বিষয়ে প্ৰথম তেখেতৰ বাবেই সমগ্ৰ বিশ্ব অৱগত হৈছিল ।
সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কাজিৰঙাখন জৰীপ কৰোৱা প্ৰথমজন ব্যক্তি আছিল মহি মিৰি ৷ তেখেতক সন্মান জনাবলৈ ব্ৰিটিছৰ দিনতে আমি সচৰাচৰ যোৰহাট গুৱাহাটী পথত পোৱা হালধি বাৰী বুঢ়ীমাই মন্দিৰৰ কাষৰ পাহাৰটোৰ নাম দিছিল মহি মিৰি টিং ৷ অৱশ্যে উপযুক্ত আদৰৰ অভাৱত মহি মিৰি টিঙৰ ফলকখন সহজে দৃষ্টি গোচৰ নহয় বৰ্তমান।
তেখেতৰ পত্নী আছিল প্ৰসিদ্ধ অসমীয়া শিক্ষাবিদ ইন্দিৰা মিৰি আৰু সন্তান উৎপল মিৰি আৰু মৃণাল মিৰি।













