ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰক্ষকেই ভক্ষক। গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত দুই অস্থায়ী বনকৰ্মী লগতে এজন বন সুৰক্ষা কৰ্মী। ইতিমধ্যে চোৰাং চিকাৰী কেইজনক আটক কৰিছে বন বিভাগে। লোক কেইজন হৈছে ক্ৰমে দিলীপ কৰ্মকাৰ, ৰাজীৱ কৰ্মকাৰ আৰু ৰৱীন ৱাউৰী।
কাজিৰঙাৰ ডি এফ অ’ ৰমেশ গগৈয়ে প্ৰকাশ কৰা মতে, দীৰ্ঘদিনৰ পৰা উক্ত লোককেইজনে চোৰাং বেহা অব্যাহত ৰাখিছিল। বৰ্তমানলৈ তিনিটাতকৈ অধিক খৰ্গ হস্তান্তৰ হোৱা খবৰ লাভ কৰিছে বন বিভাগে।
বিভাগীয় বিষয়াগৰাকীৰ মতে,কৰ্মচাৰী আৰ্থিক অনাটনৰ সুযোগ লৈ কোনো দুষ্ট চক্ৰই তেওঁলোকক এই কাম কৰিবলৈ বাধ্য কৰোৱাইছে। যাৰ বাবে বিভিন্ন সময়ত যুঁজ–বাগৰ বা আন কাৰণত সৰি পৰা গঁড়ৰ খড়্গ উদ্ধাৰ কৰাৰ পিছতো বন বিভাগৰ কাৰ্যালয়ত জমা নিদি হস্তান্তৰ কৰে চোৰাং ব্যৱসায়ী চক্ৰক৷
ৰাষ্ট্ৰীয় উদ্যানত এনেদৰে ভক্ষকৰ ভূমিকা লোৱা বনকৰ্মীৰ বিৰুদ্ধে বন বিভাগে লোৱা কঠোৰ ব্যৱস্থাক শলাগ লৈছে স্থানীয় ৰাইজে৷













