ষ্টাফ ৰিপ’ৰ্টাৰ:
৩১ অক্টোবৰত ৰাজ্যৰ মূখ্য সচিব পদৰ পৰা বিদায় ল’ব কুমাৰ সঞ্জয় কৃষ্ণই। কিন্তু ৩১ অক্টোবৰৰ পূৰ্বে মূখ্য সচিব হিচাপে কুমাৰ সঞ্জয় কৃষ্ণৰ চাকৰিৰ আৰু তিনিমাহ কাৰ্যকাল বৃদ্ধি কৰাৰ বাবে গুণাগঁথা কৰিছিল আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছিল জ্যেষ্ঠ IAS লৈ এক পেনেল।
ৰাজ্য চৰকাৰৰ এই আলোচনাৰ মাজতে আৰক্ষী উপ- পৰিদৰ্শকৰ নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ হোৱা হূলস্থূলে উক্ত প্ৰসংগক আন এক স্থিতিলৈ ৰূপান্তৰ কৰিলে।এই কেলেংকাৰীত কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক তথা মূখ্য সচিবৰ ভাতৃ কুমাৰ সঞ্জীৱ কৃষ্ণ চি.আই ডি তদন্তৰ আওঁতালৈ আহে।
দিছপুৰৰ সূত্ৰই জানিবলৈ দিয়া মতে, অনা-অসমীয়া IAS লবীয়ে মুখ্যমন্ত্ৰীক কুমাৰ সঞ্জয় কৃষ্ণৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে যদিও এই পৰ্যন্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াক লৈ কোনো সিদ্ধান্ত লোৱা নাই ৷
অৱশ্যে নতুন মুখ্য সচিব নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জ্যেষ্ঠ IAS বিষয়াৰ এখন পাঁচজনীয়া পেনেল প্ৰস্তুত কৰিছে দিছপুৰে ৷ এই পেনেলত জ্যেষ্ঠ IAS ভি এছ ভাস্কৰ, জিষ্ণু বৰুৱাৰ নাম সন্নিৱিষ্ট হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, নতুন মুখ্য সচিব নিযুক্তিৰ বাবে পেনেল প্ৰস্তুত কৰি UPSCলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ নিয়ম ৷