ষ্টাফ ৰিপ’ৰ্টাৰ:
বন্যহস্তী আৰু মানৱ আকৌ সংঘৰ্ষ। এইবাৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল অইলৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত এজন যুৱকৰ। মাধুৰ্য্য গগৈ নামৰ যুৱকজনৰ মৃত্যু হয় বন্যহস্তীৰ ভৰিৰ গচকত। খবৰনুসৰি, কালি পুৱা ৮.৩০ বজাত অইলৰ তথ্য প্ৰযুক্তিৰ বিভাগৰ অধীনত কৰ্মৰত ৬ গৰাকী ব্যক্তিয়ে নিজৰ কাম সম্পাদন কৰি পুনৰ দুলীয়াজান অভিমুখ হওঁতেই সংঘটিত হয় এই ভয়ংকৰ দূৰ্ঘটনা।
হাতী জাকটো প্ৰত্যক্ষ কৰিয়েই ৬ জনীয়া দলটোৱে ৱায়াৰলেছ টায়াৰৰ ওপৰত জাকটোৰ পৰা২০০ মিটাৰ দূৰত্বত আধাঘন্টামান নিশ্চুপ হৈ পৰে যদিও পিছলৈ হাতী জাকটো আঁতৰি যোৱা বুলি ভাবি যেতিয়া গাড়ীখন আগুৱাই আহে তেতিয়া হাতী জাকটোৰ মাজৰ এটা উন্মক্ত বনৰীয়া হাতীয়ে গাড়ীখনত উপৰ্যুপৰি আঘাত সানে।
ফলত, ৪ জন যুৱকে প্ৰাণৰ সংশয়ত বাহনখনৰ পৰা ওলাই পুনৰ টাৱাৰটোলৈ দৌৰি যায়। কিন্তু মাধুৰ্য্য নামৰ যুৱকজন বাচি আহিব নোৱাৰিলে হাতীৰ আক্ৰমণৰ পৰা। লক্ষণীয় যে, অইলৰ কৰ্মসূচী অনুসৰি সংৰক্ষিত এলেকাত ৩ বজাৰলৈকে ডিউটি থকাৰ পাছতো ৪.৩০ বজাৰলৈকে উক্ত ৬ জনীয়া দলটোৱে স্পৰ্শকাতৰ এলেকাত কাম কৰি ঘুৰি অহা সময়ৰলৈকে অইলৰ বিভাগীয় তৰফৰ পৰা দুলীয়াজান অথবা ডিগবৈস্হিত অইল প্ৰশাসনিক কাৰ্যালয়ত কোনো বিষয়ে অৱগত কৰা নাছিল ।
এই সংক্ৰান্তত আগতীয়াকৈ অৱগত হ’লে অইল প্ৰশাসনে নিৰাপত্তাৰক্ষীৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিলে হয় বুলি প্ৰশাসনৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিছে । ঘটনাৰ সংক্ৰান্তত অইলৰ আই টি বিভাগৰ এগৰাকী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত সমস্ত দায়িত্ব তেওঁ এডমিনলৈ ঠেলি নিজেই বিষয়টোৰ পৰা পোলোকা মাৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় । আনহাতে জনপৰিক্ৰমা বিভাগে অইলৰ নিজা এমপ্ল’য়িৰ বিপৰীতে অইলৰ অধীনৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালৰ প্ৰতি অইল ইণ্ডিয়া কোনোধৰণৰ দায়বদ্ধ নহয় বুলি জানিবলৈ দিছে ।
কিন্তু অইলৰ আই টি বিভাগৰ গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰিবলৈ গৈয়ে মৃত্যুক সাৱটি ল’লে উক্ত যুৱকজনে । এইক্ষেত্ৰত নিহত যুৱকজনৰ পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ অইলৰ কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগক লিখিত আৱেদন জনোৱা লগতে আহত সকলক চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰিবলৈ দাবী জনাইছে অইল ইণ্ডিয়া ৱৰ্কাছ এছ’ছিয়েছনে ।