ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও চহৰকে ধৰি সদৰ সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলসমূহতো বিভিন্ন উন্নয়ন মূলক আঁচনি ৰূপায়ণত সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ।কৰ’না মহামাৰীয়ে সৃষ্টি কৰা প্ৰতিকূল পৰিবেশক নেওচি নগাঁও সদৰ সমষ্টিত উন্নয়ণ মূলক কাম কাজ অব্যাহত আছে।
আজিও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া গাঁও পঞ্চায়তত ১৩ টাকৈ উন্নয়ন মূলক আঁচনিৰ শুভ উদ্ধোধন কৰে বিধায়ক ৰূপক শৰ্মাই। চুৰ্তদশ বিত্তীয় আয়োগৰ অন্তৰ্গত আজি উদ্ধোধন কৰা আঁচনি কেইটা হৈছে- ১ নং জলাহ গাঁৱৰ নামঘৰ ৰাজহুৱা ভৱন মেৰামতি, ননৈ উৰিয়া গাঁৱৰ নামঘৰৰ কাষত ৰাজহুৱা ভৱন নিৰ্মাণ, এক নং জলাহ গাঁৱৰ মছজিদ চৌহদত ৰান্ধনী ঘৰ নিৰ্মাণ, ননৈ দেউৰী গাঁও সাৰ্বজনীন শংকৰী বিকাশ কেন্দ্ৰৰ উন্নয়ণ,পশ্চিম জলাহ বৰখেল নামঘৰ চৌহদত ৰাজহুৱা ভৱন নিৰ্মাণ, পাখিমৰীয়া শ’লমাৰী চুক তিনিআলিৰ পৰা ঘন শইকীয়াৰ গৃহলৈ ২৫০ মিটাৰ চি চি ব্লকেৰে পথ নিৰ্মাণ, উজৰা দেওধৰ গড়কাপ্তানী পথৰ পৰা ব্ৰাহ্মণ চুবুৰী হৈ বৈদিক চৰ্চা কেন্দ্ৰ সংযোগ পথ চি চি ব্লকেৰে নিৰ্মাণ, পাখিমৰীয়া গড়কাপ্তানী পথ ধিংনি অঙ্গনৱাড়ী কেন্দ্ৰৰ পৰা পুৰণা পথ মছজিদৰ পথটি চি চি ব্লকেৰে নিৰ্মাণ,নৰোত্তম শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদৰ ৰাজহুৱা শৌচাগাৰ আৰু পানী যোগান আঁচনি নিৰ্মাণ, উজৰা গাঁও বৈদিক চৰ্চা কেন্দ্ৰৰ উন্নয়ন , ননৈ দেউৰী গাৱঁৰ সাৰ্বজনীন শংকৰী কেন্দ্ৰৰ উন্নয়ন, পোনাধৰ শইকীয়াৰ গৃহৰ পৰা চাকনি পথাৰলৈ চি চি ব্লকেৰে পথ নিৰ্মাণ আৰু জলাহ গাঁও চাৰিআলিৰ পৰা বগীদুৱা সংযোগী পথটি চি চি ব্লকৰে নিৰ্মান।
উল্লেখিত আঁচনি সমূহ উদ্ধোধন কৰি বিধায়ক শৰ্মাই এই আঁচনি সমূহৰ জৰিয়তে বৃহত্তৰ পঞ্চায়তটোৰ ৰাইজ উপকৃত হব বুলি আশা কৰে।আনহাতে বৰ্তমানৰ চৰকাৰখনে চহৰাঞ্চলৰ সমন্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নত মনোনিবেশ কৰি অহা বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই কয় যে আমাৰ চৰকাৰে সকলো ৰাইজৰ উন্নয়ন বিচাৰে।সেয়ে শিশু ,ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সমাজৰ সৰ্বস্তৰৰ লোকৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।
আজিৰ উদ্ধোধনী অনুষ্ঠানত পাখিমৰীয়া পঞ্চায়তৰ সভাপতি নিকুল শৰ্মা, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰিয়াজুল হক,পঞ্চায়ত সচিব প্ৰদীপ শৰ্মা প্ৰমুখ্যে পঞ্চায়তৰ বিষয়ববীয়া আৰু স্হানীয় ৰাইজ উপস্থিত থাকে।